কোন দেশৰ হাতত কিমান পাৰমাণৱিক অস্ত্ৰ, ভাৰত এই ক্ষেত্ৰত কিমান শক্তিশালী, প্ৰতিবেদন প্ৰকাশ
বৰ্তমানে সমগ্ৰ বিশ্বতে এতিয়া কাৰ কিমান শক্তি সেয়া সমুখলৈ আহিবলৈ ধৰিছে। এফালে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, আনফালে ভাৰত-পাকিস্তান, এতিয়া ইৰাণ-ইজৰাইল। তাৰে মাজতে আকৌ এই দেশ সমুহক সমৰ্থন কৰা অন্য় দেশ।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানত প্ৰৱেশ কৰি বিমান আক্ৰমণ চলাই বহু সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি পেলাইছিল। ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছিল।
এতিয়া ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে, কাৰণ ইজৰাইলে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাত বাধা দিব বিচাৰিছে। ইজৰাইলে দাবী কৰিছে যে ইৰাণে যদি পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰে তেন্তে ই সমগ্ৰ বিশ্বৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব।
তাৰে মাজতে ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (SIPRI)ৰ পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি কঢ়িয়াই অনা পাকিস্তানৰ হাতত কিমান পাৰমাণৱিক অস্ত্ৰ আছে আৰু ভাৰত ইয়াতকৈ কিমান শক্তিশালী?
SIPRI ৰ প্ৰতিবেদন অনুসৰি ৫৮৮০ টা পাৰমাণৱিক অস্ত্ৰৰে বিশ্বৰ ভিতৰতে শীৰ্ষত ৰাছিয়া। আমেৰিকা ৫২৪৪ টা পাৰমাণৱিক অস্ত্ৰৰে দ্বিতীয় স্থানত। আনহাতে ভাৰতৰ হাতত এতিয়া ১৮০ টা পাৰমাণৱিক অস্ত্ৰ, পাকিস্তানৰ হাতত ১৭০ টা পাৰমাণৱিক অস্ত্ৰ আছে। চীনৰ হাতত ৬০০টা পাৰমাণৱিক অস্ত্ৰ আছে, যিটো ভাৰততকৈ ৩গুণ বেছি।
ভাৰতে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পৰা নতুন ‘কেনিষ্টাইজড’ ক্ষেপণাস্ত্ৰো প্ৰস্তুত কৰিছে, যিবোৰ মেটেড ৱাৰহেডৰ সৈতে কঢ়িয়াই নিব পাৰি। ইতিমধ্যে ৰাছিয়া, চীন, ভাৰত, পাকিস্তান আৰু উত্তৰ কোৰিয়াই নিজৰ সীমান্তত অধিক আধুনিক আৰু শক্তিশালী ক্ষেপণাস্ত্ৰ নিয়োগ কৰিছে।
প্ৰতিবেদন অনুসৰি ২০২০-২৪ চনত ১৬২খন দেশে বৃহৎ অস্ত্ৰ ক্ৰয় কৰিছিল। ইউক্ৰেইন, ভাৰত, কাটাৰ, চৌদি আৰব আৰু পাকিস্তানে সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰিছিল। এই ৫খন দেশৰ মুঠ অস্ত্ৰ ক্ৰয়ৰ ৩৫ শতাংশ অংশ আছিল যদিও যোৱা ৪ বছৰত চীনৰ অস্ত্ৰ আমদানি হ্ৰাস পাইছে।
একে সময়তে ২০২০ চনৰ পৰা ২৪ চনৰ ভিতৰত ৪ বছৰত আমেৰিকাই সৰ্বাধিক অস্ত্ৰ বিক্ৰী কৰিছে। আমেৰিকাই মুঠ অস্ত্ৰৰ ৪৩ শতাংশ ৰপ্তানি কৰিছিল। ফ্ৰান্স দ্বিতীয় আৰু ৰাছিয়া তৃতীয় বৃহত্তম অস্ত্ৰ ৰপ্তানিকাৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















