আজিকালি নিশা প্ৰায়সংখ্যক লোকেই নিদ্ৰাহীনতাত ভোগে৷ দিনজুৰি পৰিশ্ৰমৰ পাছতো নিশা দুচকুৰ পতা এক নহয়৷ কিন্তু সুস্থতাৰ বাবে টোপনি অত্যন্ত জৰুৰী৷ নিশা টোপনিৰ ঔষধ খোৱা স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ বহুতৰেই নিশা মাজে মাজে টোপনি ভাঙি যায়৷ কিছু পৰিমাণে পানী খাই আকৌ শুই পৰে যদিও ভালকৈ টোপনি নহয়৷ কি কাৰণত টোপনি ভাঙে তাৰ কাৰণ বহুতেই নাজানে৷ কিন্তু দিনৰ পাছত দিন এই সমস্যাত ভূগিলে এয়া শৰীৰৰ গুৰুতৰ ৰোগৰ ইংগিত৷
- বিশেষজ্ঞৰ মতে, হঠাৎ টোপনি ভাঙি যোৱাটো স্বাস্থ্যৰ পক্ষে মাৰাত্মক৷ প্ৰধানকৈ শ্বাস-প্ৰঃশ্বাসত বাধা পোৱাৰ কাৰণেই টোপনি ভাঙি যায়৷
- নিশা হঠাৎ টোপনি ভঙাৰ সমস্যা বয়সৰ সৈতে বাঢ়িবলৈ আৰম্ভ হয়৷ সমীক্ষাই কৈছে, টোপনি ভঙাৰ এই সমস্যাৰ সৈতে বাঢ়িব পাৰে হাৰ্ট আৰু তেজ চলাচলৰ সমস্যাও৷ ইয়াৰ সৈতে মৃত্যুৰ আশংকাও বাঢ়ি থাকে৷
- এছিড ৰিফ্লেক্সৰ সমস্যা থাকিলে নিশা বাৰে বাৰে টোপনি ভাঙিব পাৰে৷
- মহিলাসকলৰ পিৰিয়ড চলাৰ সময়ত দেহত হৰমনৰ ভাৰসাম্য নষ্ট হলেও নিশা টোপনি ভঙাৰ সমস্যা হয়৷
- দেহত শৰ্কৰাৰ পৰিমাণ হঠাৎ কমি গলে টোপনি ভাঙিব পাৰে৷ এই ক্ষেত্ৰত সেই ব্যক্তিৰ ঘামো বেছিকৈ ওলাব পাৰে৷
- বাৰে বাৰে টোপনি ভাঙিলে অৱষ্ট্ৰাকটিভ শ্লিপ এপনিয়া আছেনে নাই সেয়া চেক কৰিব পাৰে৷ দীৰ্ঘদিন এই সমস্যা চলিলে অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















