বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰালত ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ মাজতেই কিছু গ্ৰহৰ ৰাশি পৰিবৰ্তনে দিয়ে সুফল, কিছু গ্ৰহৰ ৰাশি পৰিবৰ্তনে জাতক জাতিকাৰ ওপৰত কুপ্ৰভাৱ পেলাব পাৰে৷ এইবাৰ ৬ জুলাইত কেতুৱে প্ৰৱেশ কৰিছে পূৰ্ব ফাল্গুনী নক্ষত্ৰত৷ তাতেই কেতু ২০ জুলাই পৰ্যন্ত থাকিব৷ তাৰ প্ৰভাৱ ১২ ৰাশিত পৰিব৷ কিছু গ্ৰহেও তাত লাভ পাব৷ লাকী ৰাশি কি কি?
বৃষ ৰাশি
এই সময়কালত হঠাৎ ধন আহিব হাতলৈ৷ আপোনাৰ পৰিশ্ৰম দেখি আপোনাৰ কৰ্মস্থলৰ চিনিয়ৰসকল সুখী হব৷ পাব পাৰে কোনো পুৰস্কাৰ৷ এই সময়ত ভাল পেছাগত জীৱন পাব পাৰে৷ আপোনাৰ দৰমহা বৃদ্ধি হব পাৰে এই সময়ত৷ ভাল বিত্তীয় পৰিস্থিতি আহিব পাৰে৷ আপোনাৰ কোনো প্ৰকল্প আপোনাৰ কামত লাগিব পাৰে৷ এই সময়ত আপোনাৰ পূৰ্বে ভাৱি ৰখা কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে৷ কোনো পুৰণি বিনিয়োগৰ পৰা লাভ পাব৷
কুম্ভ ৰাশি
৬ জুলাইৰ পৰা ভাল সময়ৰ মুখ দেখিব কুম্ভ ৰাশিৰ জাতক জাতিকাই৷ পঢ়ুৱৈসকলৰ মাজত সৃষ্টিশীলতা বাঢ়িব৷ শিল্পৰ সৈতে জড়িত ক্ষেত্ৰত যিসকলে কাম কৰিছে তেওঁলোকেও লাভ পাব৷ ধন সঞ্চয় হব৷ যদি দীৰ্ঘদিন ধৰি কোনো প্ৰজেক্টত কাম কৰে তেতিয়া তাৰ পৰা লাভ পাব৷ সমাজত আপোনাৰ কামৰ ভাল প্ৰভাৱ পৰিব৷ সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব৷
তুলা ৰাশি
এই সময়ত যিসকলে চাকৰিৰ সন্ধান কৰিছে তেওঁ চাকৰি পাব৷ আপোনাৰ ব্যক্তিত্বৰ দিশৰ পৰা ব্যৱসায়িক প্ৰয়াস কৰিলে লাভ পাব৷ এই সময়ত নতুন সুযোগ পাব পাৰে৷ আপোনাৰ ব্যৱসায়িক জীৱনত নতুন প্ৰগতি আহিব৷ আপুনি কোনো নতুন সম্পত্তি বা বাহন ক্ৰয় কৰিব পাৰে৷ আয়ৰ নতুন নতুন ৰাস্তা তৈয়াৰ হব৷ আপুনি ব্যৱসায়ী হলে মুনাফা পাবই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















