বোয়িং সংস্থাৰ কিছু বিমানত ইন্ধনৰ ছুইচত ত্ৰুটি আছে৷ ৭ বছৰ পূৰ্বেই এই বিষয়ক লৈ সতৰ্কবাৰ্তা দিছিল আমেৰিকাৰ ফেডাৰেল এভিয়েছন এডমিনিষ্ট্ৰেচনে৷ কিন্তু এই সতৰ্কবাৰ্তাৰ ওপৰত ভিত্তি কৰি কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই৷ বিগত ১২ জুনত যি বিমান দুৰ্ঘটনাৰ কবলত পৰিছিল সেয়াও বোয়িঙেই আছিল৷ বহুতেই কৈছে যে বিমান সংস্থাই যদি কিছু সতৰ্কতা অৱলম্বন কৰিলেহেতেন তেন্তে এই দুৰ্ঘটনাও নহ’লহেতেন৷
শনিবাৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্ত ৰিপৰ্ট প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থা এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেছন ব্যুৰই৷ তাৰ পৰা প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে বিমানৰ ইন্ধনৰ ছুইচ বন্ধ হৈ পৰাটোৱেই দুৰ্ঘটনাৰ মূল কাৰণ৷ বিমানে ৰানৱে এৰাৰ পাছতেই ইন্ধনৰ ছুইচ বন্ধ হৈ পৰিছিল৷ ফলত ইঞ্জিনলৈ ইন্ধনৰ সৰবৰাহ হোৱা নাছিল৷ বিকল ইঞ্জিন লৈ মাজ আকাশত উৰিব পৰা নাছিল এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১য়ে৷
ইন্ধনৰ ছুইচ সাধাৰণতে বিমানে ৰানৱে এৰাৰ পূৰ্বে আৰু অৱতৰণৰ সময়ত ৰানৱে চোৱাৰ পাছত ব্যৱহাৰ কৰে পাইলটে৷ ইয়াৰ মাধ্যমেৰে ইঞ্জিনলৈ ইন্ধন সৰবৰাহ হয়৷ মাজ আকাশত কোনো আপৎকালীন পৰিস্থিতি তৈয়াৰ হলেও এই ছুইচৰ মাধ্যমেৰে ইন্ধনৰ নিয়ন্ত্ৰণ কৰে পাইলটে৷ এইখন বোয়িংৰ ক্ষেত্ৰত ইন্ধনৰ ছুইচ উৰণ আৰম্ভ হোৱাৰ পাছতেই বন্ধ হৈছিল৷ ফলত বিকল হৈ পৰিছিল দুয়োটা ইঞ্জিন৷ বিশেষজ্ঞই কৈছে, ভুল কৰিও কোনো পাইলটে ইন্ধনৰ ছুইচ বন্ধ নকৰে৷ বিশেষকৈ যেতিয়া বিমানে ৰানৱে এৰিছে তেনে সময়ত এইকাম কোনো পাইলটেই নকৰে৷
তদন্তৰ ৰিপৰ্ট অনুসৰি বিমানখনে উৰণৰ মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতেই দুটা ইঞ্জিন বন্ধ হৈ পৰিছিল৷ ইন্ধনৰ ছুইচ ৰানৰ পৰা কাটঅফ হৈ পৰিছিল৷ সেই সময়তেই এগৰাকী পাইলটে অইনগৰাকী পাইলটক সুধিছিল, ‘তুমি কিয় ইন্ধনৰ ছুইচ বন্ধ কৰিছা?’ অইনগৰাকী পাইলটেও উত্তৰত কৈছিল, ‘মই একো ছুইচেই বন্ধ কৰা নাই৷’ তাৰপিছতেই বিমানৰ গতি আৰু উচ্চতা কমিবলৈ ধৰে৷ শেষত বিল্ডিঙত খুন্দা মাৰি জ্বলি যায় বিমানখন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















