নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক
হিমাচল প্ৰদেশৰ মাণ্ডী জিলাত সংঘটিত হৈছে এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কেইবাফুট তলত বাগৰি পৰে এখন যাত্ৰীভৰ্তি বাছ। যাত্ৰীৰে ভৰা হিমাচল পথ পৰিবহণ নিগমৰ বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ কেইবাফুট তলত থকা খেতি পথাৰত বাগৰি পৰে।
এই দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৭ জন যাত্ৰীয়ে। ইয়াৰ বাহিৰে প্ৰায় ২২ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু দুগৰাকী পুৰুষ।
আহতসকলক সৰকাঘাট চিকিৎসালয় আৰু নেৰচৌক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ডিএছপি সৰকাঘাট সঞ্জীৱ গৌতমে নিশ্চিত কৰিছে দুৰ্ঘটনা।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ডি এছ পি সৰকাঘাট আৰু থানাৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়। আহতসকলক এম্বুলেন্সেৰে সৰকাঘাট চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়। স্থানীয় লোকেও ততাতৈয়াকৈ উদ্ধাৰ অভিযানত নামি পৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
তথ্য অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ২৯ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















