হোষ্টেলৰ পৰা উভতি অহাৰ পাছতে কন্যাৰ সৈতে জঘন্য কাণ্ড পিতৃৰ, মাতৃয়ে ৰাখিলে লুকাই
তেলেংগানাৰ নাৰায়ণপেট জিলাৰ মাৰিকল মণ্ডল নামৰ গাঁৱত সংঘটিত হৈছে এক অতিকে জঘন্য কাণ্ড। নিজেৰই ১০ বছৰীয়া কন্যাৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিলে পিতৃয়ে। আৰক্ষীয়ে সদৰি কৰা অনুসৰি ২৫ জুলাই তাৰিখে সংঘটিত হৈছিল এই ঘটনা। কিন্তু শিশুটিত হাস্পতাল নিয়াৰ পাছত হে আৰক্ষীয়ে জানিব পাৰে এই বিষয়ে। কাৰণ মাতৃয়ে প্ৰথমে লুকুৱাবলৈ চাইছিল ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নিৰ্যাতিতা শিশুটি ৫ম শ্ৰেণীৰ ছাত্ৰী। এখন চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ১০ বছৰীয়া শিশুটি সেই বিদ্যালয়ৰে হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু হোষ্টেলত কুকুৰে কামোৰা বাবে ঘৰলৈ উভতি আহিছিল শিশুটি।
কিন্তু ঘৰলৈ উভতি আহিয়েই সংঘটিত হয় এই ঘটনা। উভতি অহাৰ পিছদিনা সন্ধিয়া ঘৰত অকলে পঢ়ি আছিল শিশুটি। মাতৃ আছিল কৰ্মস্থলীত। সেই সময়তে সুৰাৰ ৰাগীত ঘৰত উপস্থিত হৈছিল পিতৃ।
পিতৃয়ে আহিয়েই জপটিয়াই পৰে কন্যাৰ ওপৰত। কন্যাই বহু কাকুটি মিনতিয়ো কৰি পিতৃৰ ওচৰত। কিন্তু পিতৃৰ জঘন্য মানসিকতাৰ ওচৰত হাৰ মানি যায় সকলো। কন্যাৰ চিঞৰ বাখৰ শুনি চুবুৰীয়া উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰে শিশুটিক। লগে লগে মাতৃক খবৰ কৰাৰ লগতে হাসপ্তাললৈ দৌৰি শিশুটিক লৈ।
প্ৰথমে শিশুটিক লৈ যোৱা হয় স্থানীয় চিকিৎসক এগৰাকীৰ ওচৰললৈ, অৱস্থা দেখি চিকিৎসকগৰাকীয়ে হাস্পতাললৈ প্ৰেৰণ কৰে শিশুটিক। কিন্তু গাঁৱত থকা হাস্পতাল খনেও শিশুটিৰ অৱস্থা দেখি লগে লগে জিলা হাস্পতাললৈ প্ৰেৰণ কৰে।
তেতিয়াহে ওলাই পৰে সকলো। হাস্পতাল কৰ্তৃপক্ষই ঘটনা দেখি আৰক্ষীক খবৰ নকৰাকৈ চিকিৎসা আৰম্ভ নকৰে বুলি হাত উঠাই দিয়ে। তেতিয়াহে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় মাতৃ।
তেতিয়াহে আৰক্ষীয়ে জানিব পাৰে ১০ বছৰীয়া কণমানিৰ সৈতে সংঘটিত হোৱা জঘন্য কাণ্ডৰ বিষয়ে। লগে লগে আৰক্ষীয়ে POCSO আইন আৰু ভাৰতীয় ন্যায় সংহিতা আইনৰ আধাৰত গোচৰ ৰুজু কৰি অভিয়ুক্ত পিতৃক আটক কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















