চৰকাৰে ২০২৫-২০২৬ অৰ্থবৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকৰ বাবে একাধিক ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পৰ সুদৰ হাৰ অপৰিবৰ্তিত ৰাখিছে৷ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পৰ আওঁতাত যি স্কিমসমূহ পৰিছে সেইসমূহ হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, সুকন্যা সমৃদ্ধি যোজনা, তিনি বছৰৰ পোষ্ট অফিচৰ এফ ডি, কিষাণ বিকাশ পত্ৰ, নেশ্ব্যনেল ছেভিংছ চাৰ্টিফিকেট আৰু মান্থলি ইনকাম স্কিম৷
২০২৫-২০২৬ অৰ্থ বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিক ১ জুলাই ২০২৫ৰ ৰ পৰা আৰম্ভ হৈ ৩০ ছেপ্টেম্বৰ ২০২৫ পৰ্যন্ত চলিব৷
বিভিন্ন সঞ্চয় প্ৰকল্পত সুদৰ হাৰ প্ৰথম ত্ৰিমাসিকত যি আছিল সেয়া থাকিব দ্বিতীয় ত্ৰিমাসিকত৷ সোমবাৰে এক বিজ্ঞাপ্তিত এই বিষয়ে জনাইছে অৰ্থমন্ত্ৰণালয়ে৷ জুলাই মাহৰ ছেপ্টেম্বৰ ২০২৫ ত্ৰিমাসিকৰ বাবে পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ সুদৰ হাৰ ৭.১শতাংশ নিৰ্ধাৰিত হৈছে৷
পাব্লিক প্ৰভিডেণ্ট ফাণ্ড হৈছে চৰকাৰৰ এক দীৰ্ঘম্যাদি সঞ্চয় প্ৰকল্প৷ ই মূলত ক্ষুদ্ৰ সঞ্চয় আৰু বিনিয়োগক উৎসাহিত কৰাৰ বাবে আৰম্ভ কৰা হৈছিল৷ এই প্ৰকল্পত টেক্স ৰেহাইৰো সুবিধা আৰু মূলধনৰ নিৰাপত্তা দইটাই প্ৰদান কৰা হয়৷ বৰ্তমান সুদৰ হাৰ ৭.১শতাংশ স্থিৰ কৰা হৈছে৷ PPFত আপুনি প্ৰতিমাহে মাত্ৰ ১২৫০০ টকাকৈ সঞ্চয় কৰিব পাৰে৷ যাৰ অৰ্থ বছৰি সৰ্বাধিক ১.৫লাখকৈ বিনিয়োগ কৰা৷ এয়া সৰ্বোচ্চ সীমা৷ এই হাৰত আপুনি পৰবৰ্তী ১৫ বছৰত প্ৰায় ৪০. ৬লাখ টকাৰ এটা ডাঙৰ তহবিল গঢ়ি তুলিব পাৰে৷
উল্লেখযোগ্যভাৱে PPF স্কিম EEE(Exempt-Exempt-Exempt) শ্ৰেণীৰ অন্তৰ্গত, অৰ্থাৎ ইয়াত বিনিয়োগৰ অৰ্থ, সুদৰ আয় আৰু ম্যাদপূৰ্তিৰ পাছত প্ৰাপ্ত অৰ্থ সকলো কৰমুক্ত৷ বছৰি ১.৫ লাখ টকা বিনিয়োগ কৰি আৰু ৭.১ শতাংশ বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত সুদ পালে ১৫ বছৰত আপোনাৰ সঞ্চিত মূলধন হ’ব ৪০.৬লাখতকৈয়ো বেছি৷ কিমান শতাংশ বিনিয়োগ কৰিছে তাৰ ওপৰত ৰিটাৰ্ণ নিৰ্ভৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ