পুৰাণ অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মগ্ৰহণ কৰিছিল শ্ৰীকৃষ্ণই৷ বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণই মাজনিশা ৰোহিনী নক্ষত্ৰত ধৰাধামত আবিৰ্ভূত হৈছিল৷ এই কাৰণতেই মধ্যৰাতে জন্মাষ্টমীৰ পূজা কৰা হয়৷ জানি থওক এই বছৰ কেতিয়া পৰিছে জন্মাষ্টমী আৰু ঠিক কোন সময়ত গোপালৰ আৰাধনা কৰিব?
জন্মাষ্টমী কেতিয়া?
পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথি অৰ্থাৎ জন্মাষ্টমী পৰিছে ১৫ আগষ্টৰ নিশা ১১ বাজি ৪৯ মিনিটত৷ অষ্টমী থাকিব ১৬ আগষ্টৰ নিশা ৯ বাজি ৩৪ মিনিট পৰ্যন্ত৷ উদয়া তিথি অনুসৰি ১৬ আগষ্টত পালিত হব কৃষ্ণ জন্মাষ্টমী৷
জন্মাষ্টমীৰ পূজাৰ শুভ মুহূৰ্ত
কৃষ্ণ জন্মাষ্টমীৰ পুজাৰ শুভ সময় আৰম্ভ হব নিশা ১২ বাজি ৪ মিনিটৰ পৰা৷ এই শুভ সময় থাকিব ১২ বাজি ৪৭ মিনিট পৰ্যন্ত৷ এই ৪৩ মিনিটৰ মাজত জন্মাষ্টমীৰ পূজা কৰা সকলোতকৈ শুভ৷
কি কি লাগে জন্মাষ্টমীৰ পূজাত?
জন্মাষ্টমীৰ পূজাত তিঁয়হ দিয়া হয়৷ গোপালৰ পূজাৰ সামগ্ৰীৰ মাজত তিঁয়হ ৰাখিব লাগে৷ ইয়াৰোপৰি গোপালক বহোৱাৰ বাবে পীৰা আৰু হালধীয়া কাপোৰ দিয়া জৰুৰী৷ ইয়াৰোপৰি প্ৰদীপ, ঘিঁউ, মৌ, গাখীৰ, গংগাজল, দৈ, ধূপ, চাউল, তুলসী পাত, ফল, মিঠাই, মিছৰি প্ৰয়োজনীয়৷ ইয়াৰোপৰি গোপালৰ বাবে নতুন পোছাক, গহনা, ময়ূৰৰ পালক আৰু বাঁহী ক্ৰয় কৰিব লাগে৷
জন্মাষ্টমীৰ পূজাৰ বিধি
জন্মাষ্টমীৰ দিনা পুৱাই গোপালৰ আৰাধনা কৰক আৰু নিশা কৃষ্ণৰ পূজা কৰক৷ ইয়াৰ বাবে পুৱাই উঠি পূজাৰ স্থান পৰিষ্কাৰ কৰক৷ তাৰপিছতেই পীৰাত ৰঙা কাপোৰ পাৰিব৷ তাতেই গোপালক বহুৱাওক৷ গোপালক গংগাজলেৰে গা ধুৱাই নতুন পোছাক আৰু গহনা পিন্ধাওক৷ ইয়াৰ সৈতে ফুলআৰু চন্দনেৰে গোপালক সজাই তুলিব৷ ইয়াৰপাছতেই ফল, মিঠাই, মাখন, মিছৰি, চেনী আৰু অন্যান্য খোৱা বস্তু নিবেদন কৰিব৷ গোপালক ঝুলনাত বহোৱাই ঝুলাবলৈ নাপাহৰিব৷ সৰ্বশেষত আৰতি কৰক আৰু সকলোৰে শেষত আৰতি কৰক আৰু সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















