কলষ্টেৰলৰ সমস্যা এতিয়া ঘৰে ঘৰে৷ ধমনীৰ ভিতৰত বেয়া কলষ্টেৰল বা এল ডি এল জমা হলেই হৃদৰোগৰ আশংকা বাঢ়ে৷ বহুতেই ইয়াৰ বাবে নিয়মিত ঔষধ খায়৷ কিন্তু কেৱল ঔষধেই নহয়, সঠিক খাদ্যভাষ, বিশেষকৈ নিশাৰ খাদ্যই এই সমস্যা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষজ্ঞই কৈছে, এনে কিছু খাদ্য আছে যি নিশা খালে কলষ্টেৰল কমে৷
১. বাদাম
বাদাম বুলিলে চীনাবাদাম নহয়৷ বাদাম বুলিলে আপুনি আলমণ্ড বা আখৰোটক ধৰিব৷ এইসমূহত থকা স্বাস্থ্যকৰ ফেট, ফাইবাৰ আৰু ওমেগা-৩য়ে ফেটি এছিড, তেজত থকা বেয়া কলষ্টেৰল কমোৱাত সহায় কৰে৷ ভাল কলষ্টেৰল বঢ়োৱাত সহায় কৰে৷
২. ওটছ
নিশাৰ খাদ্য বা শুৱাৰ পূৰ্বে কম পৰিমানে ওটছ খাব পাৰে৷ ইয়াত বিটা গ্লুকন নামৰ দ্ৰৱণীয় ফাইবাৰ থাকে৷ ই কলষ্টেৰল বঢ়োৱাৰ বাবে অত্যন্ত কাৰ্যকৰ৷
৩. নহৰু
নহৰুৰ মূল উপাদান এলিছিনে কলষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে৷ নিশাৰ খাদ্য খোৱাৰ সময়ত পাতত দুই এফুট নহৰু ৰাখিলে উপকাৰ পাব৷ ই ৰক্তচাপ নিয়ন্ত্ৰণতো সহায়ক৷
৪. ডাইল বা বিন
মুছুৰ দাইল, ৰাজমাহৰ দৰে দাইলত প্ৰচুৰ পৰিমাণে দ্ৰবণীয় ফাইবাৰ থাকে৷ এই ফাইবাৰে অন্ত্ৰত কলষ্টেৰলৰ সৈতে যুক্ত হৈ তাক শৰীৰৰ পৰা বাহিৰলৈ ওলিয়াই আনে৷ ফলত দেহত বেয়া কলষ্টেৰলৰ প্ৰভাৱ কিছু হলেও হ্ৰাস পায়৷
৫. পালেং
পালেং শাক আৰু অন্যান্য ধৰণৰ শাকত লুটেইন আৰু কেৰোটিনয়েড থাকে৷ এই উপাদানসমূহ ধমনীৰ প্ৰাচীৰত কলষ্টেৰল জমা হোৱাত বাধা দিয়ে৷ ফলত ৰক্তনলী চাফা হৈ থাকে৷
৬. মেথি
প্ৰকৃতিৰ এক অমূল্য দান৷ মেথি দানা বা শাক, দুটাই শৰীৰৰ বাবে উপকাৰী৷ ইয়াত থকা চেপোনিন নামক যৌগই কলষ্টেৰলৰ শোষণক বাধা দিয়ে৷ নিশা মেথি তিয়াই সেই পানী পুৱা পান কৰিলে কলষ্টেৰল নিয়ন্ত্ৰণত থাকে৷
৭. সামুদ্ৰিক মাছ
ছেমল, মেকৰেল কিংবা ইলিছ মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এছিড থাকে৷ এই উপাদানে তেজৰ ট্ৰাইগ্লিছাৰাইড কমোৱাত আৰু সমান্তৰালকৈ হৃদযন্ত্ৰক সুস্থ ৰখাত সহায় কৰে৷
৮. ছয়াবিন
ছয়া গাখীৰ বা টোফুৰ দৰে ছয়াজাত দ্ৰব্যত বেয়া কলষ্টেৰল কমোৱাৰ বাবে প্ৰয়োজনীয় সকলোখিনি থাকে৷ নিশাৰ খাদ্য তালিকাত এইসমূহ ৰাখিলে শৰীৰৰ বাবে উপকাৰী হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















