ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই বছৰতেই ৰেপো ৰেট ১.০০ শতাংশ কমাইছে৷ আৰ বি আইয়ে চলিত বছৰৰ ফেব্ৰুৱাৰী, এপ্ৰিল আৰু জুন মাহত ৰেপো ৰেট কমাইছে৷ কিন্তু আগষ্ট মাহত ৰেপো ৰেট ৫.৫০ শতাংশ স্থিতিশীল ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল৷ আৰ বি আইয়ে ৰেপো ৰেট কমোৱাৰ পাছত সমস্ত বেংকেও এফ ডিৰ সুদৰ হাৰ কমাইছে৷ পাব্লিক চেক্টৰৰ ইউনিয়ন বেংক অফ ইণ্ডিয়াইয়ো এফ ডি স্কিমৰ সুদৰ হাৰ কমাইছে৷ সুদৰ হাৰ কমালেও এতিয়াও এই বেংকে দিছে দুৰ্দান্ত সুদ৷
ইউনিয়ন বেংক অফ ইণ্ডিয়া এফ ডিত সৰ্বোচ্চ ৭.৩৫ শতাংশ সুদ দিছে
ইউনিয়ন বেংক অফ ইণ্ডিয়াত সৰ্বনিম্ন ৭ দিন আৰু সৰ্বোচ্চ ১০ বছৰৰ বাবে এটা এফ ডি একাউণ্ট খুলিব পাৰে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়া এক চৰকাৰী বেংক, যত এফ ডিত ৩.৪০শতাংশৰ পৰা ৭.৩৫ শতাংশ পৰ্যন্ত সুদ দিয়া হয়৷ ইউনিয়ন বেংকৰ এনে এক এফ ডি স্কিমৰ কথা ইয়াত কোৱা হৈছে য’ত ২ লাখ টকা জমা কৰি ৩০, ৯০৮ টকা পৰ্যন্ত স্থিৰ সুদ পাব পাৰে৷ এই চৰকাৰী বেংকত ২ বছৰৰ এফ ডিত ৬.৫০ শতাংশৰ পৰা ৭.২৫ শতাংশ পৰ্যন্ত সুদ দিছে৷
বিভিন্ন ম্যাদৰ এফ ডি স্কিমত সাধাৰণ নাগৰিকসকলৰ বাবে সৰ্বোচ্চ ৬.৬০শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.১০ শতাংশ আৰু ছুপাৰ ছিনিয়ৰ চিটিজেনৰ বাবে ৭.৩৫শতাংশ সুদ দিয়া হৈছে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াত সাধাৰণ নাগৰিকে ৬.৫০শতাংশ, চিনিয়ৰ চিটিজেনে ৭.০০ শতাংশ আৰু অতি চিনিয়ৰ চিটিজেনক ৭.২৫শতাংশ সুদ দিছে৷
কোনোৱে যদি ২০০০০০ টকা জমা কৰে তেন্তে ম্যাদপূৰ্তিত ৩০,৯০৮ টকা নিৰ্দিষ্ট সুদ পাব৷ কোনোৱে যদি এজন সাধাৰণ নাগৰিক হয় তেন্তে ইউনিয়ন বেংকৰ ২ বছৰৰ এফ ডিত ২ লাখ টকা জমা কৰে তেন্তে ম্যাদপূৰ্তিত মুঠ ২,২৭,৫২৮ টকা পাব৷ যাৰ মাজত সুদ পাব ২৭,৫২৮ টকা৷ কোনোবা যদি ছিনিয়ৰ চিটিজেন হয় তেন্তে ইউনিয়ন বেংকে ২ বছৰৰ এফ ডিত ২ লাখ টকা জমা কৰি ম্যাদপূৰ্তিত মুঠ ২,২৯,৭৭৬ টকা পোৱা যাব৷ যাৰ মাজত ২৯,৭৭৬ টকা ফিক্সড সুদ৷ একেদৰে যদি এজন ছুপাৰ চিনিয়ৰ চিটিজেন হয় তেন্তে ২ বছৰৰ এফ ডিত ২ লাখ টকা জমা কৰে তেন্তে মুঠ ২,৩০,৯০৮ টকা পাব, যাৰ মাজত সুদ হব ৩০,৯০৮ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ