কাইলৈ ২৬ আগষ্ট ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাত কোৱা মতে কাইলৈ ভাদ শুক্লা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ কাইলৈ নিশা থাকিব হস্তা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ২৬ আগষ্ট শুভ হব মেষ ৰাশিৰ বাবে৷ কাইলৈ আপোনাৰ মনত প্ৰচুৰ আনন্দ থাকিব৷ নিজৰ বুদ্ধিৰে কাইলৈ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ যাব পাৰে৷ ব্যৱসায়ীসকলে ভাল লাভ কৰাৰ আশা আছে৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম বৰ্তি থাকিব৷
মিথুন ৰাশি
কাইলৈ ধনলক্ষ্মী যোগৰ শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ পৰিয়ালৰ লোকৰ সৈতে কাইলৈ ভাল দিন কটাব৷ নিশা কোনো ৰেস্তোঁৰাত ভাল খাদ্য গ্ৰহণৰ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবে মঙ্গলময় হব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷ আৰ্থিকভাৱেও লাভৱান হব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব পাৰে৷ কাইলৈ ধনলক্ষ্মী যোগৰ শুভ প্ৰভাৱত কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব৷ শত্ৰুক নিজৰ বুদ্ধিবলেৰে হৰুৱাব পাৰে৷ অৰ্থ সংক্ৰান্তিয় ডাঙৰ সিদ্ধান্ত লব পাৰে৷ কাইলৈ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ ব্যৱসায়তো ডাঙৰ কোনো সাফল্য পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷
মকৰ ৰাশি
কাইলৈ ২৬ আগষ্ট লাভজনক দিন হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যও কাইলৈ ভালে থাকিব৷ সন্ধিয়াৰ পাছত ভাল সময় কটাব৷ যি সাফল্যৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল কাইলৈ সন্ধিয়া সেই সাফল্য লাভ কৰিব৷ সংগীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গাঢ় হব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















