ডাঙৰ খবৰ৷ বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট৷ বাইপাছৰ পৰা কেমোথেৰাপিত, এইবাৰ আপোনাৰ পকেটৰ পৰাই যাব লাখ লাখ টকা৷ কাৰণ ১ ছেপ্টেম্বৰৰ পৰা মাক্স হেলথকেয়াৰ আৰু মেদান্তৰ দৰে শীৰ্ষস্থানীয় চিকিৎসা পৰিসেৱা প্ৰদানকাৰী হাস্পতালকে ধৰি প্ৰায় ১৫০০০তকৈ অধিক হাস্পতালত নগদহীন চিকিৎসাৰ সুবিধা প্ৰদান বন্ধ কৰি দিয়া হৈছে৷
যাৰফলত লাখ লাখ বাজাজ এলিয়েন্স স্বাস্থ্যবিমা পলিছিধাৰীয়ে বৃহৎ ধাক্কাৰ সন্মুখীন হব৷ হাস্পতাল আৰু বীমা সংস্থাৰ মাজত দীৰ্ঘদিন ধৰি চলা বিৰোধৰ বাবেই এই পৰিস্থিতি৷ এছোচিয়েচন অফ হেলথকেয়াৰ প্ৰভাইডাৰছ অফ ইণ্ডিয়াই জনাইছে যে ভাৰতত চিকিৎসাৰ খৰচ প্ৰতি বছৰে ৭-৮শতাংশ হাৰত বৃদ্ধি পালেও বাজাজ এলিয়েন্সে বছৰৰ পাছত বছৰ ধৰি প্ৰিমিয়ামৰ হাৰ সংশোধন কৰা নাই৷
হাস্পতালসমূহৰ যুক্তি যে ঔষধ, সৰঞ্জাম, কৰ্মীসকলৰ দৰমহা আৰু ইউটিলিটি বিলৰ দাম বাঢ়ি গলেও তেওঁলোকে পুৰণি হাৰতহে সেই ধন দিয়ে৷ ইয়াৰোপৰি অভিযোগ যে বীমা সংস্থাসমূহৰ প্ৰায়েই যথাযথ আলোচনা অবিহনেই টকাৰ পৰিমাণ কাটে৷ ফলত হাস্পতালসমূহ আৰ্থিকভাৱে চাপৰ মাজত পৰে৷
উল্লেখ্য যে কেছলেছ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰোগীক ভৰ্তিৰ সময়ত কোনোধৰণৰ ধন বিনিয়োগ নকৰিলেও হয়৷ হাস্পতালৰ ভৰ্তিৰ খৰচ, অস্ত্ৰোপচাৰ, কেন্সাৰ বা কিডনিৰ দৰে গুৰুতৰ অসুস্থতাৰ চিকিৎসা আৰু দুৰ্ঘটনাৰ আঘাতৰ দৰে জৰুৰী চিকিৎসাৰ খৰচ এনেকৈয়ে বহন কৰে৷ হাস্পতালসমূহত যদি কেছলেছ ট্ৰিটমেণ্ট বন্ধ কৰি দিয়ে তেন্তে ৰোগীৰ পৰিয়ালে কেছ লেনদেন কৰিব লাগিব বেংকত৷
সেই ক্ষেত্ৰত ৰোগীৰ পৰিয়ালে চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ কৰিব লাগিব৷ ভাৰতত হাৰ্টৰ অস্ত্ৰোপচাৰৰ খৰচ সাধাৰণতে ৩ৰ পৰা ৭ লাখ টকাৰ মাজত হয়৷ কিডনি প্ৰতিস্থাপনৰ খৰচো ৫ লাখ টকাৰ পৰা আৰম্ভ হৈ ১০ লাখ টকাতকৈ বেছি হয়৷ সকলোতকৈ বেছি খৰচ লিভাৰ প্ৰতিস্থাপনত৷ ইয়াত প্ৰায় ২০ৰ পৰা ৩০ লাখ পৰ্যন্ত খৰচ হয়৷
এই বিপুল পৰিমাণৰ চিকিৎসাৰ খৰচ মধ্যবিত্ত পৰিয়ালসমূহৰ ওপৰত পৰিব কাৰণ মধ্যবিত্ত পৰিয়ালৰ বাবে হঠাৎ একেলগে ইমান ধন জোগাৰ কৰাটো খুবেই টান কাম হৈ পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















