বিহাৰৰ ভোটাৰ সংশোধনীৰ বাবে আধাৰক বৈধ ডকুমেণ্ট হিচাপে গ্ৰহণ কৰিলেও কেতিয়াও ই নাগৰিকত্বৰ প্ৰমাণ নহয়৷ উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনাই দিলে নিৰ্বাচন কমিছনক৷ কিন্তু SIRত আধাৰ কাৰ্ড ১২ নম্বৰ নথি হিচাপেই গ্ৰহণ কৰা হব সেই নিৰ্দেশো দিছে ছুপ্ৰিম কৰ্টে৷ অৱশ্যে আধাৰে যে নাগৰিকত্বৰ প্ৰমাণ হিচাপে মান্যতা পোৱা নাই সেয়াও স্পষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে৷
সোমবাৰে ছুপ্ৰিম কৰ্কট ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বেঞ্চত চলিছে SIR শুনানি৷ বিহাৰত হোৱা SIRৰ বিৰুদ্ধে দাখিল হোৱা গোচৰসমূহ শুনিছিল ন্যায়াধীশে৷ ইয়াৰ পূৰ্বেও আধাৰক মান্যতা দিয়াক লৈ নিৰ্বাচন কমিছনক পৰামৰ্শ দিয়াও দেখা গৈছে৷ আনকি বাদ পৰা ভোটাৰসকলক নতুনকৈ তালিকাভূক্ত কৰিবলৈ যাতে আধাৰক গুৰুত্ব দিয়া হয় সেই পৰামৰ্শ দিছে শীৰ্ষ আদালতে৷
উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ যে আধাৰত ১২ নং নথি হিচাপে স্বীকৃতি দিব লাগিব৷ অৱশ্যে শুনানি পৰ্বৰ একেবাৰে প্ৰথমৰ পৰাই আধাৰক নাগৰিকত্ব প্ৰমাণৰ বিচাৰত গুৰুত্ব দিবলৈ নাৰাজ নিৰ্বাচন কমিছন৷ আইনৰ খবৰ পৰিবেশনকাৰী সংবাদমাধ্যম লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি শুনানি পৰ্বতো আকৌ উঠিছে নাগৰিকত্বৰ প্ৰসংগ৷ ছুপ্ৰিম কৰ্কট পৰ্যবেক্ষণ যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়৷ কিন্তু জনপ্ৰতিনিধিত্ব আইনৰ ২৩(৪) নং ধাৰা অনুসৰি কোনো ভাৰতীয়ৰ পৰিচয়পত্ৰ হিচাপে আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি৷ সেয়ে নিৰ্বাচন কমিছনক আধাৰ কাৰ্ডক ভোটাৰ তালিকাৰ সমীক্ষাৰ ক্ষেত্ৰত ১২ নং নথি হিচাপে স্বীকৃতি দিব লাগে৷ আধাৰ কাৰ্ডক পৰিচয়পত্ৰ হিচাপে গ্ৰহণৰ পূৰ্বে ইয়াৰ বৈধতা চাই লোৱাৰো পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















