হঠাৎ নগদ ধনৰ প্ৰয়োজন হলে পাৰ্ছলেন লোনেই একমাত্ৰ ভৰসা৷ আৰু সেই টকা যিকোনো প্ৰয়োজনত খৰচ কৰিব পাৰে৷ সেয়া বিবাহেই হওক বা বিদেশলৈ যোৱাই হওক, কিংবা ঘৰৰ মেৰামতি কৰাই হওক৷ হোম লোন বা কাৰ লোনৰ দৰে নিৰ্দিষ্ট বিষয়ত খৰচ কৰাতো কোনো বাধ্যবাধকতা নাই৷
পাৰ্ছনেল লোনত বৰ্তমান সুদৰ হাৰ
পাৰ্ছনেল লোনত বৰ্তমান সুদৰ হাৰ ৮.৫৫ শতাংশৰ পৰা আনুমানিক ৩৬ শতাংশ পৰ্যন্ত হব পাৰে৷ সুদৰ হাৰ নিৰ্ধাৰিত হয় ঋণগ্ৰহীতাৰ ক্ৰেডিট স্কোৰ, আয়ৰ ওপৰত ভিত্তি কৰি৷ পাৰ্ছনেল লোন মানে আনছিকিউৰড লোন সেয়ে সুদৰ হাৰো বেছি৷
পাৰ্ছনেল লোন পৰিশোধৰ পদ্ধতি
ঋণগ্ৰহীতাই সম্পূৰ্ণ ম্যাদত নিয়মিতভাৱে ঋণ পৰিশোধ কৰিব পাৰে৷ ঋণৰ বোজা কমাব খুজিলে প্ৰিক্লোজ কৰাৰ সুবিধাও আছে৷ ঋণ শেষ হলেই পাৰ্ছনেল লোন বন্ধ নহয়৷ ইয়াৰ নিৰ্দিষ্ট পদ্ধতি আছে সেয়া মানিব লাগে৷ এই সকলো বিষয় মূৰত নাৰাখিলে ঋণগ্ৰহীতা অসুবিধাত পৰিব পাৰে৷ ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ পাৰ্ছনেল লোন ললে প্ৰতি মাহত কিমান টকা EMI দিব লাগিব?
ICICI বেংকৰ পাৰ্ছনেল লোনৰ ক্ষেত্ৰত প্ৰতি বছৰে ১০.৮৫ শতাংশ সুদ অফাৰ কৰিছে৷ এই সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে প্ৰতিমাহে ২৬,০০১ টকা EMI হিচাপে দিব লাগিব৷ এইবাৰ দেখা যাওক সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে সুদৰ বাবদ কিমান টকা দিব লাগিব?
প্ৰতিবছৰে ১০.৮৫ শতাংশ সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে সুদৰ বাবদ মুঠ ৩,৬০,০৭৪ টকা দিব লাগিব৷ প্ৰতিবছৰে ১০.৮৫% সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে সুদ আৰু প্ৰকৃত মিলি বেংকক মুঠ ১৫,৬০,০৭৪ টকা পৰিশোধ কৰিব লাগিব৷ এইক্ষেত্ৰত মূৰত ৰাখিব লাগিব যে প্ৰতি বছৰে ১০.৮৫%সুদৰ হাৰত পাৰ্ছনেল লোন পাবলৈ হলে ছিবিল স্কোৰ ভাল হ’ব লাগিব৷ অৰ্থাৎ ছিবিল স্কোৰ ভাল নহলে পাৰ্ছনেল লোনৰ সুদৰ হাৰ আৰু বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ