মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ… জুবিন দাই প্ৰাণঢালি গাইছিল এই গীত৷ জুবিনৰ এই গীতত আপুনি মই হয়তো বহুজনে কোনোবা সময়ত অকলে চকুলোও টুকিছো৷ কিন্তু এই চকুলোত আমাৰ প্ৰস্তুতি নাছিল জুবিন গাৰ্গক আমি হেৰুৱাই পেলোৱাৰ৷ অসমীয়াই কোনো কাৰণতেই ভাৱিব খোজা নাছিল জুবিনৰ বয়স বঢ়াৰ কথাও৷ জুবিন সদায়ে চিৰতৰুণ হৈ থাকক, জুবিনৰ খুহুটিয়া কথা আৰু গভীৰ সুৰে শিঁপাই থাকক মন মগজু৷ কিন্তু নাই অনাকাংক্ষিতভাৱেই জুবিনে বিদায় ল’লে৷ অসমবাসীৰ বুকুত দি গল গভীৰ শোকৰ এক বোজা৷ জুবিন আমাৰ মনত, জুবিন আমাৰ মগজুত, জুবিনৰ পাৰ্থিৱ শৰীৰটোৱে বিদায় লৈছে যদিও তেওঁ প্ৰতিজন অসমীয়াৰ বুকুতেই ঘৰ পাতি আছে৷ জুবিনৰ এই আকস্মিক মৃত্যুক স্বীকাৰ কৰিবলৈ কষ্ট হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰো৷
মুখ্যমন্ত্ৰীয়েও জুবিনক কেন্দ্ৰ কৰি শ্বেয়াৰ কৰিছে এটাৰ পাছত আনটো আৱেগিক পোষ্ট৷ মুখ্যমন্ত্ৰীয়ে দিল্লী অভিমুখী যাত্ৰাত আকৌ লিখিছে এটা আৱেগিক পোষ্ট, তেওঁ লিখিছে, ‘মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়াৰ অংশ মাথোঁ, তথাপি ই জানো ইমান সুলভ হ’ব পাৰে! নাই বোলোতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো! নোৱাৰি৷ মৰমৰ জুবিন নাই বোলা কথাটোও মানি ল’ব পৰা নাই, গোটেই অসমে পৰা নাই৷ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়েই যে জুবিনৰ ঘৰ, আপোন ঘৰ…
মৰমৰ শিল্পীজনাক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ৷ গুৱাহাটী বিমানবন্দৰলৈ আহি থকাৰ বাটত ‘মায়াবিনী’ৰ এই বিশেষ ক্লিপটো দেখি ৰৈ গৈছিলোঁ, বাৰে বাৰে চাইছিলোঁ, তেওঁ লগতে কোৱা জুবিনৰ সেই কথাকেইটাই মূক কৰি তুলিছিল৷ আজি চৌদিশে ‘মায়াবিনী’ বাজিছে, হিয়া উজাৰি গাইছে সকলোৱে, গুণমুগ্ধ-অনুৰাগীয়ে নিজৰ অতি মৰমৰ শিল্পীগৰাকীৰ কথা ৰাখিছে৷ এনে প্ৰাপ্তিও বিৰলতকৈ বিৰল৷ আমাৰ হৃদয়ৰ অন্তহীন স্পন্দন জুবিন!’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ