কাহিলীপাৰাস্থিত জুবিনৰ বাসগৃহত উপস্থিত হৈছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত৷ নিশা ৯ বজাৰ পিছত জুবিনৰ বাসগৃহৰ কাষলৈ নাযাবলৈ অনুৰোধ জনাইছে অনুৰাগীক৷ জুবিনৰ পিতৃ যিহেতু অসুস্থ সেয়ে তেওঁক কিছু নিৰিবিলি সময় কটাবলৈ সুযোগ দিয়াৰ অনুৰোধ জনাইছে প্ৰশাসনে৷ পাৰ্থসাৰথি মহন্তই সংবাদমাধ্যমৰ আগত কয়-
‘মই আৰক্ষীৰ হৈ কিছু অনুৰোধ জনাইছো৷ কিছু দুৰ্বৃত্ত ওলাইছে৷ তেওঁলোক জুবিনৰ অনুৰাগী নহয়৷ জুবিনে কেতিয়াও অন্যৰ অধিকাৰ খৰ্ব হোৱাটো বিচৰা নাছিল৷ অধিকাৰ মানে প্ৰত্যেকৰে অধিকাৰ, আপোনাৰ অধিকাৰ, মোৰ অধিকাৰ৷ আনৰ সা সুবিধালৈ লক্ষ্য নকৰাকৈ এটা পৰিস্থিতিৰ সুবিধা লবলৈ যিবোৰ দুৰ্বৃত্ত ওলাই আহিছে তেওঁলোকক ৰোধ কৰাটো জুবিন অনুৰাগীৰ দায়িত্ব৷ আমিও আৰক্ষীয়ে দায়িত্ব পালন কৰি আছো৷ যদি আপোনালোকৰ চকুত পৰে যে জুবিনক মনত পেলোৱাৰ নামত যদি উদ্ভণ্ডালি কৰে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীক জনাবলৈ আপোনালোকে হেল্পলাইন নম্বৰত ফোন কৰক৷ ১১২ নম্বৰত ফোন কৰি আপোনালোকে আৰক্ষীক জনাব পাৰে৷ আমি জুবিনৰ নামত সমাজত উদ্ভণ্ডালি কৰিবলৈ নিদিও৷ সেয়া আইনৰ পৰিপন্থী আৰু জুবিনৰ আদৰ্শৰ পৰিপন্থী৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















