কোনো উত্তৰাধিকাৰী নাথাকিলে বিবাহিত হিন্দু মহিলাৰ সম্পত্তিৰ ভাগ পাব তেওঁৰ স্বামীৰ উত্তৰাধিকাৰীয়ে৷ মহিলাৰ পিতৃ পৰিয়ালৰ তৰফৰ পৰা কোনোৱে এই সম্পত্তি দাবী কৰিব নোৱাৰিব৷ কাৰণ বিবাহৰ সময়তেই হিন্দু মহিলাৰ গোত্ৰ সলনি হয়৷ এক সম্পত্তি সম্পৰ্কীয় গোচৰত তাৎপৰ্যপূৰ্ণ পৰ্যবেক্ষণ কৰিছে ছুপ্ৰিম কৰ্টে৷ ১৯৫৬ চনৰ হিন্দু উত্তৰাধিকাৰ আইন অনুসৰি, কোনো হিন্দু মহিলা যদি স্বামী-সন্তানহীন অৱস্থাত মৃত্যু হয় আৰু তেওঁৰ কোনো উইল বা ইচ্ছাপত্ৰ নাথাকে তেন্তে সেই সম্পত্তি স্বামীৰ উত্তৰাধিকাৰীৰ হাতলৈ যায়৷ সেই ধাৰাক চেলেঞ্জ কৰি গোচৰ তৰা হৈছিল ছুপ্ৰিম কৰ্টত৷
সেই গোচৰৰ শুনানি চলাৰ সময়তেই গোত্ৰক লৈ মন্তব্য কৰিছে ন্যায়াধীশ নাগৰত্ন৷ শীৰ্ষ আদালতে স্পষ্টকৈ জনাইছে যে বিবাহৰ পাছতেই এগৰাকী নাৰীৰ দায়িত্ব সম্পূৰ্ণৰূপে স্বামী আৰু শহুৰেকৰ ঘৰৰ৷ ফলত তেওঁলোকৰ সম্পত্তিৰ অধিকাৰো শহুৰেকৰ ঘৰৰ৷ ন্যায়াধীশ নাগৰত্নই কৈছে, হিন্দু নাৰীৰ বিবাহৰ সময়তে নাম সলনি হৈ যায়৷ সলনি হয় গোত্ৰও৷ কন্যাদানৰ সময়ত গোত্ৰ সলনি হৈ যায়৷
গোত্ৰ সলনিৰ সৈতে ভাৰতীয় মহিলাৰ যাৱতীয় দায় দায়িত্ব গুচি যায় শহুৰেকৰ ঘৰৰ ওপৰত৷ স্বাভাৱিকভাৱেই তেওঁলোকৰ সম্পত্তিও শহুৰৰ ঘৰে পোৱা উচিত৷ ন্যায়াধীশে কয়, ‘হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা কোনো ৰীতিক আইনৰ মাধ্যমেৰে সলনি কৰিব নোৱাৰি৷ ন্যায়াধীশ বি ভি নাগৰত্নই কৈছে, ‘এগৰাকী বিবাহিত মহিলাই পিতৃ আৰু ভায়েক ভনীয়েকৰ পৰা ভৰণপোষণৰ টকা নিবিচাৰে৷ আইন অনুসৰি সেয়ে মহিলাগৰাকীৰ সম্পত্তিও স্বামী পৰিয়ালে পাব লাগে৷ কাৰণ খোৰপোছ বিচাৰি কোনো মহিলাই নিজৰ ভাতৃৰ বিৰুদ্ধে কেতিয়াও গোচৰ নতৰে৷ খোৰপোছ বিচাৰে কেৱল স্বামীৰ পৰাই৷ ইয়াৰোপৰি স্বামীৰ পৰিয়ালক বাদ দি আন কাৰোবাক সম্পত্তি দিব খুজিলে মহিলাই তেওঁৰ সম্পত্তি জীৱিত কালতেই উইল কৰি যাব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















