আজি ২৭ ছেপ্টেম্বৰত সূৰ্যই তাৰ নক্ষত্ৰ পৰিবৰ্তন কৰিব, যিয়ে সকলো ৰাশিৰ জীৱনত বিভিন্নধৰণে প্ৰভাৱ পেলাব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনক ব্যক্তিৰ জীৱনতো উল্লেখযোগ্য পৰিবৰ্তনৰ লক্ষণ হিচাপে বিবেচনা কৰা হয়৷ এইবাৰ সূৰ্যই উত্তৰ ফাল্গুনী নক্ষত্ৰ ত্যাগ কৰি হস্ত নক্ষত্ৰত প্ৰৱেশ কৰিব৷ উত্তৰ ফাল্গুনী নক্ষত্ৰত সম্প্ৰতি সূৰ্যগ্ৰহণো হৈছিল৷ ২৭ ছেপ্টেম্বৰত সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ বিশেষ তাৎপৰ্য আছে৷ এই পৰিবৰ্তনে গ্ৰহণৰ সম্পূৰ্ণ প্ৰভাৱ কাটিব বুলিও বিশ্বাস কৰা হয়৷ যেতিয়া সূৰ্যই হস্ত নক্ষত্ৰত প্ৰৱেশ কৰিব তেতিয়া কিছু ৰাশিৰ জাতকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আৰু সুযোগো আহিব পাৰে৷
এই নক্ষত্ৰ পৰিবৰ্তন কিয় বিশেষ?
জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা এই নক্ষত্ৰ পৰিবৰ্তনক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ কাৰণ সম্প্ৰতি এই উত্তৰ ফাল্গুনী নক্ষত্ৰত সূৰ্যগ্ৰহণ ঘটিছে৷ জ্যোতিষীৰ মতে সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে গ্ৰহণৰ সমস্ত নেতিবাচক প্ৰভাৱ দূৰ কৰিব৷ হস্ত নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে বহু ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ হস্ত নক্ষত্ৰত সূৰ্যৰ গোচৰে কেৱল চৰকাৰী কাম আৰু সামাজিক প্ৰতিপত্তিৰ বাবেই শুভ হব তেনে নহয়, বৰং আত্মবিশ্বাস আৰু শক্তিও বৃদ্ধি কৰিব৷
কি কি ৰাশিৰ ভাগ্য উজলি উঠিব?
সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তন ৪ ৰাশিৰ বাবে বিশেষভাৱে শুভ আৰু ফলপ্ৰসূ হব৷ জানি থওক এই ৰাশিসমূহ কি কি?
বৃষ ৰাশি
এই সময় বৃষ ৰাশিৰ জাতকৰ বাবে আৰ্থিক আৰু পেছাগত উভয় দিশৰ পৰাই অত্যন্ত লাভজনক হব৷ পদোন্নতি, নতুন চাকৰি বা ব্যৱসায়ত সাফল্যৰ সম্ভাৱনা বৃদ্ধি পাব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য আৰু পাৰিবাৰিক বিষয়ত উন্নতি হব৷ দীৰ্ঘদিনৰ সমস্যাৰ সমাধান হব৷ ইয়াৰোপৰি শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰতো শুভ ফলাফল অৰ্জন কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় ভ্ৰমণ আৰু বিনিয়োগৰ বাবে খুবেই উপকাৰী হব৷ নতুন ব্যৱসায়িক পৰিকল্পনা সফল হব আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
মকৰ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















