• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনাস্থেচিয়াৰ ঔষধ দি শেষ কৰিলে পত্নীৰ জীৱন, তৰুণী চিকিৎসকৰ মৃত্যুৰ ছমাহ পাছত আৰক্ষীৰ জালত স্বামী, ক’ত এই ঘটনা?

এনাস্থেচিয়াৰ ঔষধ দি শেষ কৰিলে পত্নীৰ জীৱন, তৰুণী চিকিৎসকৰ মৃত্যুৰ ছমাহ পাছত আৰক্ষীৰ জালত স্বামী, ক’ত এই ঘটনা?

7 months ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

10 minutes ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

19 minutes ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

1 hour ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

2 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

2 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

3 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

3 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

4 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

15 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

15 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

16 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এনাস্থেচিয়াৰ ঔষধ দি শেষ কৰিলে পত্নীৰ জীৱন, তৰুণী চিকিৎসকৰ মৃত্যুৰ ছমাহ পাছত আৰক্ষীৰ জালত স্বামী, ক’ত এই ঘটনা?

এনাস্থেচিয়াৰ ঔষধ দি শেষ কৰিলে পত্নীৰ জীৱন, তৰুণী চিকিৎসকৰ মৃত্যুৰ ছমাহ পাছত আৰক্ষীৰ জালত স্বামী, ক’ত এই ঘটনা?

editor by editor
October 15, 2025
in জীৱনশৈলী, ভাৰত
0
এনাস্থেচিয়াৰ ঔষধ দি শেষ কৰিলে পত্নীৰ জীৱন, তৰুণী চিকিৎসকৰ মৃত্যুৰ ছমাহ পাছত আৰক্ষীৰ জালত স্বামী, ক’ত এই ঘটনা?
0
SHARES
775
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ছমাহ পূৰ্বেই মৃত্যু হৈছে মহিলা চিকিৎসকগৰাকীৰ৷ প্ৰথমে সকলোৱে ধাৰণা কৰিছিল এয়া স্বাভাৱিক মৃত্যু৷ বাংগালুৰুৰ বাসিন্দা ২৯ বছৰ বয়সীয়া সেই চৰ্মৰোগ বিশেষজ্ঞৰ মৃত্যুক সাধাৰণ মৃত্যু বুলিয়েই পোনতে সকলোৱে ভাৱিছিল৷ কিন্তু মৃত চিকিৎসকৰ পিতৃ-মাতৃয়ে লেথাৰিকৈ আৰক্ষীক চাপ দিয়াৰ ফলত পোহৰলৈ আহিছে সেই তথা৷ স্ত্ৰীক হত্যাৰ অভিযোগত মৃত তৰুণী চিকিৎসকৰ স্বামীক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি সেই তৰুণী চিকিৎসকৰ নাম ক্ৰথিকা এম ৰেড্ডি৷ তেওঁক হত্যাৰ অভিযোগত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰুথিকাৰ স্বামী চিকিৎসক মহেন্দ্ৰ ৰেড্ডি জি এছক৷ মহেন্দ্ৰই নিজে এজন শৈল্য চিকিৎসক৷ আৰক্ষীৰ দাবী, চিকিৎসক হিচাপে নিজৰ অভিজ্ঞতা কামত লগাইয়েই ঠাণ্ডা মগজুৰে নিজৰ পত্নীক হত্যা কৰি সেয়া স্বাভাৱিক মৃত্যু হিচাপে প্ৰমাণ কৰাৰ চেষ্টা কৰিছিল মহেন্দ্ৰ নামৰ সেই চিকিৎসকে৷
প্ৰায় ৬মাহ পূৰ্বে বাংগালুৰুৰ মাৰাঠাহাল্লিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় ক্ৰুথিকা নামৰ সেই চিকিৎসকৰ দেহ৷ তেওঁৰ চিকিৎসক স্বামীয়ে দাবী কৰিছিল যে হজম সংক্ৰান্তিয় সমস্যা আৰু ব্লাড ছুগাৰৰ মাত্ৰা কমি গৈ মৃত্যু হৈছে তেওঁৰ পত্নীৰ৷ কিন্তু কন্যাৰ এই মৃত্যুত সন্দেহ হয় সেই চিকিৎসকৰ পিতৃ-মাতৃৰ৷ তেওঁলোকৰ চাপতেই নতুনকৈ তদন্তও আৰম্ভ হয়৷ সেই তদন্ততেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে৷ সলনি হৈ পৰে তদন্তৰ মোৰ৷ জনা গৈছে যে অস্ত্ৰোপচাৰৰ সময়ত ৰোগীক সংজ্ঞাহীন কৰিবলৈ ব্যৱহাৰ কৰা প্ৰপোফল নামৰ এক ঔষধ প্ৰয়োগ কৰি নিজৰ পত্নীক হত্যা কৰিছে মহেন্দ্ৰই৷ শল্য চিকিৎসক হোৱাৰ বাবে এই ঔষধ সম্পৰ্কে তেওঁৰ ধাৰণা আছিল৷ আৰু সেই ঔষধ প্ৰয়োগৰ ফলতেই শ্বাসকষ্ট জনিত সমস্যা আৰম্ভ হয় তৰুণী চিকিৎসকৰ৷ ইয়াৰ পাছতেই তেওঁৰ মৃত্যু হয়৷
পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ফৰেন্সিক পৰীক্ষাৰ ৰিপৰ্টত প্ৰপোফল ঔষধ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে৷ ইয়াৰ পাছতেই তদন্ত অন্যফালে ঘূৰে৷ সেই তৰুণী চিকিৎসকৰ মৃত্যু যে স্বাভাৱিক নাছিল সেয়াও স্পষ্ট হৈ পৰিছে৷ বাংগালুৰুৰ পুলিছ কমিছনাৰ সীমান্ত কুমাৰ সিঙে জনাইছে যে কোনো অভিযোগ দাখিল নহলেও আৰক্ষীয়ে নিজেই অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিলেহেতেন৷ কাৰণ ঘটনাস্থলৰ পৰা নমুনা সংগ্ৰহ কৰি ফৰেন্সিক পৰীক্ষাৰ বাবে পঠোৱা হয়৷ সেই ৰিপৰ্ট অহাৰ পাছতেই জনা যায় যে তেওঁৰ দেহত এক ধৰণৰ টোপনিৰ ঔষধ দিয়া গৈছিল৷ চিকিৎসকেও নিশ্চিত কৰে যে সেই ঔষধৰ অতিৰিক্ত মাত্ৰা প্ৰয়োগৰ ফলতেই মৃত্যু হৈছে মহিলা চিকিৎসকৰ৷ ইয়াৰ পাছতেই জোঁৱায়েকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে মহিলা চিকিৎসকৰ পিতৃ মাতৃ৷
তদন্তকাৰীয়ে জনাইছে যে এদিন এৰি এদিনকৈ মুঠ তিনি দিন ইঞ্জেকছনৰ মাধ্যমেৰে পত্নীৰ শৰীৰত এনাস্থেছিয়াৰ ঔষধ প্ৰয়োগ কৰিছিল মহেন্দ্ৰ ৰেড্ডিয়ে৷ পত্নীক তেওঁ কৈছিল যে হজমৰ সমস্যাৰ বাবে এই ইঞ্জেকছন দিছে৷ বিগত ২৩ এপ্ৰিলত ক্ৰুথিকা সংঞ্জাহীন হৈ পৰে আৰু তেওঁক হাস্পতাললৈ লৈ যায় মহেন্দ্রই৷ চিকিৎসকে ৭২ ঘণ্টা খালী পেটে থাকি এক পৰীক্ষাৰ কথা কলেও ৩৬ ঘণ্টাৰ ভিতৰত পত্নীক হাস্পতালৰ পৰা লৈ আহে মহেন্দ্রই৷ ইয়াৰ কিছুক্ষণৰ ভিতৰতেই ক্ৰুথিকাৰ মৃত্যু হয়৷ স্ত্ৰীৰ মৃত্যুৰ পাছত প্ৰথমে তেওঁৰ মৰোণোত্তৰ পৰীক্ষা কৰিব খোজা নাছিল মহেন্দ্রই৷ তেওঁৰ এই আচৰণৰ বাবেই প্ৰথমে আৰক্ষীৰ সন্দেহ হয়৷
তদন্তৰ পাছত আৰক্ষীৰ দাবী, আৰ্থিক আৰু ব্যক্তিগত কাৰণতেই পত্নীক হত্যা কৰে মহেন্দ্ৰ ৰেড্ডিয়ে৷ ক্ৰুথিকাৰ পিতৃৰ দাবী, এখন হাস্পতাল খোলাৰ বাবে বাৰে বাৰে টকা বিচাৰি চাপ দিছিল মহেন্দ্রই৷ যদিও পূৰ্বেই কন্যা আৰু জোঁৱায়েকক ক্লিনিক খোলাৰ বাবে এই টকা দিছিল ক্ৰুথিকাৰ পিতৃ-মাতৃয়ে৷ ইয়াৰ পাছতেই মহেন্দ্ৰ বিবাহ বহিৰ্ভূত সম্পৰ্কত আছিল বুলি অভিযোগ কৰিছিল চিকিৎসকৰ পিতৃয়ে৷ পণ্যৰ বাবেই কন্যাৰ ওপৰত অত্যাচাৰ, গাৰ্হস্থ্য হিংসাৰ দৰে অভিযোগো তুলিছিল তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে
জীৱনশৈলী

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে
জীৱনশৈলী

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

May 7, 2026
Next Post
ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

৫ বছৰত ১৭ লাখ টকা, এই ছেভিংছ স্কিমত জমা কৰিলে সুদেই পাব ২.৭৪লাখ টকা

৫ বছৰত ১৭ লাখ টকা, এই ছেভিংছ স্কিমত জমা কৰিলে সুদেই পাব ২.৭৪লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.