বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিত গুলিবিদ্ধ হৈছিল দীপক মেধি নামৰ এজন যুৱক৷ পিঠিত গুলি লাগিছিল দীপকৰ৷ জুবিন গাৰ্গৰ হত্যাকাৰীৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ নহয় পিতৃৰ বাবে ঔষধ আনিবলৈ গৈছিল মুছলপুৰৰ দীপক৷ দীপকে ঔষধ আনিবলৈ গৈ কেনেকৈ নিকাচি পালেগৈ সেয়া পৰিয়ালো জ্ঞাত নাছিল৷ তাতেই গুলিবিদ্ধ হৈ ছাংসাৰিৰ AIMS ত চিকিৎসাধীন হৈ আছে দীপক মেধি৷
দীপকৰ পিতৃয়ে কয়, হিংসাত্মক কাৰ্য নোহোৱাকৈ ন্যায় বিচাৰক৷ দোষীয়ে শাস্তি পাবই লাগে৷ যদি দোষী প্ৰমাণিত হয় তেন্তে ফাঁচি দিব লাগে৷ ইপিনে পুত্ৰ সম্পৰ্কে পিতৃয়ে কয়, ‘দীপকে হাইছেকেণ্ডাৰী পাছ কৰি ITIয়ো পাছ কৰিলে৷ বিগত ৪ বছৰে হাজিৰা কৰি সি মোৰ চিকিৎসা কৰাই আছে৷ মই খোজ কাঢ়িব নোৱাৰো৷ আজিও সি মোৰ বাবে ঔষধ আনিবলৈকে ওলাই গৈছিল৷ কেনেকৈ কি হ’ল একো গম নাপাও৷ সি এইমছত ভৰ্তি হোৱাৰ পাছতহে খবৰ লাভ কৰিছো৷ আমি এতিয়া ধাৰ ঋণ কৰি তাৰ চিকিৎসা কৰাই আছো৷ ইতিমধ্যে তাৰ অস্ত্ৰোপছাৰ সম্পন্ন হৈছে৷ এতিয়া স্বাস্থ্য পূৰ্বতকৈ ভাল বুলি গম পাইছো৷’
উল্লেখ্য যে শেহতীয়াকৈ দীপকৰ চিকিৎসাৰ খৰচ বহন কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰঞ্জিত দাস উপস্থিত হৈছে চাংসাৰিস্থিত AIMSত চিকিৎসাধীন হৈ থকা দীপকৰ কাষত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















