বিহাৰৰ বিধানসভা নিৰ্বাচনত আৰ জে ডিৰ পৰাজয়ৰ পাছতেই ভাঙিব ধৰিছে লালুপ্ৰসাদ যাদৱৰ পৰিয়াল৷ তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই পৰিয়ালৰ সৈতে সমস্ত সম্পৰ্ক বিচ্ছিন্ন কৰি বাহিৰলৈ ওলাই আহিছে৷ লগতে ৰাজনীতিকো বিদায় দিছে ৰোহিনীয়ে৷ এই ৰোহিনীয়েই লালুক কিডনি দান কৰিছিল কেইমাহৰ পূৰ্বে৷ নিৰ্বাচনত পৰাজয়ৰ পাছত ঘৰত কি এনে ঘটনা ঘটিল যে এনে ডাঙৰ সিদ্ধান্ত ল’লে ৰোহিনীয়ে? দেওবাৰে এই বিষয়ক লৈ মুখ খুলিছে লালুকন্যাই৷
ৰোহিনীয়ে নিজৰ সামাজিকমাধ্যমত জনাইছে যে তেওঁক অপমান কৰা হৈছে৷ অভিযোগ যে তেওঁক মাৰিবলৈ জোতাও তুলি লৈছিল৷ কেৱল সত্যৰ পক্ষ ত্যাগ নকৰাৰ বাবেই এইধৰণে তেওঁক শাৰীৰিকভাৱে অপদস্ত কৰা হৈছিল বুলিও জনাইছে ৰোহিনীয়ে৷ তেওঁ লিখিছে, ‘কালি এগৰাকী কন্যা, এগৰাকী ভনীয়েক, এগকাৰী বিবাহিত মহিলা আৰু এগৰাকী মাকক অপমান কৰা হৈছে৷ বেয়া ভাষাৰে গালিগালাজ কৰা হৈছে৷ মাৰিবলৈ জোতাও তুলি লোৱা হৈছে৷ মই মোৰ আত্মসন্মানৰ সৈতে আপোচ কৰা নাই৷ সত্যক ত্যাগ কৰা নাই৷ কেৱল সেই কাৰণেই মোক এনেকৈ অপমান কৰা হৈছে৷ সহ্য কৰিব লগা হৈছে৷’
ইয়াৰপাছতেই পৰিয়ালৰ প্ৰতি ক্ষোভ আৰু অভিমানৰ কথাও প্ৰকাশ কৰিছে লালুকন্যাই৷ দাবী, ক্ৰন্দনৰত পিতৃ-মাতৃ, ভনীয়েকক এৰি যাবলৈ বাধ্য কৰোৱা হৈছে তেওঁক৷ ৰোহিনীয়ে কয়, ‘কালি এগৰাকী অসহায় কন্যা আৰু ক্ৰন্দনৰত পিতৃ-মাতৃক এৰি আহিব লগা হৈছে৷ মোক মোৰ পিতৃগৃহ ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ মোক অনাথ কৰি দিয়া হৈছে৷ আপোনালোকৰ যেন মোৰ দৰে নহয়৷ কোনো কন্যাই যাতে মোৰ দৰে পৰিয়াল নাপায়৷’
উল্লেখ্য যে কাৰ সৈতে মতবিৰোধ হৈছে সেই বিষয়ে জনোৱা নাই ৰোহিনীয়ে৷ দেওবাৰে দিয়া পোষ্টত কাৰো নামো উল্লেখ কৰা নাই ৰোহিনীয়ে৷ শনিবাৰে কেৱল পৰিয়াল ত্যাগৰ ঘোষণাৰ সময়ত তেওঁ তিনিটা নাম উল্লেখ কৰিছে৷ তেওঁৰ ভাতৃ তেজস্বী যাদৱৰ সৈতে দ্বন্দ তাৰপৰাই স্পষ্ট হৈছে৷ ৰোহিনীয়ে কৈছিল, ‘পৰিয়ালৰ সৈতে মোৰ আৰু কোনো সম্পৰ্ক নাই৷ সঞ্জয় যাদৱে মোক এয়া কৰিবলৈ কৈছে৷’ সঞ্জয়, ৰমীজ আৰু তেজস্বীক সুধিলেই ইয়াৰ উত্তৰ পোৱা যাব, দাবী কৰিছিল লালুকন্যাই৷ সঞ্জয় আৰু ৰমীজ, উভয়েই তেজস্বীৰ ঘনিষ্ঠ৷
বিহাৰৰ নিৰ্বাচনত শোচনীয় পৰাজয় হৈছে আৰজে়ডিৰ৷ বিগত বাৰৰ বিধানসভা নিৰ্বাচনত যি দলে সকলোতকৈ বেছি আসন পাইছিল সেই দলে এইবাৰ তিনি নম্বৰত আছে৷ লাভ কৰিছে মাত্ৰ ২৫ খন আসন৷ এই ফলাফলৰ পাছতেই তেজস্বী আৰু তেওঁৰ ঘনিষ্ঠসকলৰ সৈতে ৰোহিনীৰ কিছু কথাৰ কটাকটি হোৱা বুলি বহুতেই ধাৰণা কৰিছে৷ তেজস্বীয়ে এতিয়াও অৱশ্যে এই বিষয়ে কোনো মন্তব্য কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















