কায়িকভাৱে তেওঁ নাই৷ কায়িকভাৱে বিদায় ল’লেও অসমীয়াই মনৰ পৰা কাহানিও বিদায় দিব নোৱাৰে জুবিন গাৰ্গক৷ তাৰেই প্ৰমাণ আজি ৰাজ্যৰ প্ৰতিটো কোণত আয়োজন কৰা হৈছে তেওঁৰ ওপজা দিনটোৰ৷ যিয়ে যেনেকৈ পাৰে জুবিন গাৰ্গে ভালপোৱা ধৰণেই কৰিছে সমাজহিতৈষী কাৰ্যকলাপ৷ কোনোৱে যদি গছপুলি ৰুইছে, কোনোৱে আকৌ জুবিন গাৰ্গে বিচৰাধৰণেই কোনো দৰিদ্ৰক সেৱা আগবঢ়াইছে৷ ওপজা দিনৰ এই দিনটোত তেঁওক সোঁৱৰি তেওঁৰ বহু পুৰণি স্মৃতিও সোঁৱৰিছে বিভিন্নজনে৷
তেনে এটি কাহিনীৰেই চৰ্চা কৰা হৈছে এই প্ৰতিবেদনত৷ কাহিনীটো এনেধৰণৰ- এদিন আবেলি ক্ষীণকায় মানুহজনে নিজা গৃহৰ পৰা কাগজ নিয়া মানুহ এজনক নিজৰেই পুৰণি কিতাপ আৰু অলাগতিয়াল কাগজসমূহ বিক্ৰী কৰিব লৈছিল। হঠাতে মানুহজনৰ ঘৰত গৈ ওলাইছিলগৈ এজন সৰু ল’ৰা। ল’ৰাজনে ক্ষীণকায় মানুজনক অনুৰোধ কৰিলে, তেওঁৰ কবিতা ল’ৰাজনক লাগে। ল’ৰাজনে সুৰ দিব বিচাৰে। ক্ষীণকায় মানুহজনে এবাৰ সুক্ষ্ম দৃষ্টিৰে স্পষ্টবাদী যুৱকজনলৈ চালে।
আচৰিতো হ’ল। মানুহজনে বিক্ৰী কৰিবলৈ থোৱা কাগজৰ মাজৰ পৰা কবিতা পুথি এখন উলিয়াই ল’ৰাজনক দিলে।পাছদিনাই গোটেই কবিতা কেইটা সুৰ দি পুনৰ মানুহজনৰ ওচৰলৈ আহিল কণমানি ল’ৰাজন। সুৰ দিয়া কবিতাকেইটা সমুখত বহি গাই শুনালে। গীতকেইটি শুনি মানুহজনে আচৰিত হৈ বহুপৰ চাই থাকিল ল’ৰাজনৰ মুখলৈ।
এইযে হতবাক হৈ চাই ৰোৱা ক্ষীণকায় মানুহজন তেওঁ আন কোনো নহয়। তেৱেই হিৰেণ ভট্টাচাৰ্য সকলোৰে মৰমৰ হিৰুদা। আৰু কণমানি আত্মবিশ্বাসী লৰাজনেই জুবিন গাৰ্গ। সেইদিনাই জুবিন গাৰ্গেৰে পৰিচিত হৈছিল হিৰুদা। সুমধুৰ কণ্ঠত গীত হোৱা কবিতাকেইটা শুনি পাহৰি গৈছিল হিৰুদাই, সেইকেইটা যে তেৱেই লিখা কবিতা।
জুবিন গাৰ্গে এক সাক্ষাৎকাৰত হিৰুদাৰ কথা ক’বলৈ গৈ কৈছিল, ‘সেইদিনাই হিৰুদাই এবাৰ মোৰ মূৰত হাত ফুৰাই কৈছিল যে মই এদিন গানৰে বিশ্ব জয় কৰিম।’ সেইয়াই আৰম্ভণি। তাৰ পাছত বহু গীত লিখিছিল হিৰুদাই। লেখাবোৰ আছিল কেৱল সুৱদী কণ্ঠৰ জুবিনৰ বাবেই। সেউজীয়াৰে আবৃত হ’ব খোজা জুবিনৰ ওপজা দিনত জুবিন গাৰ্গৰ প্ৰিয় লেখকৰ প্ৰসংগক লৈ সামাজিক মাধ্যমতো চৰ্চা চলা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















