মঙলবাৰে বিয়লি ভাৰতসহ বিশ্বৰ কেইবাখনো দেশত ইণ্টাৰনেট ব্যৱহাৰত সমস্যা হৈছে৷ X, ChatGPT, Letterboxd, Canva, Uber-সহ বিশ্বৰ কেইবাটাও প্ৰধান ৱেবচাইট আৰু অনলাইন এপ্লিকেছন অচল হৈ পৰিছে৷ বহুতেই প্ৰথমে ভাৱিছিল হয়তো তেওঁলোকৰ ব্যক্তিগত ইণ্টাৰনেট সংযোগত সমস্যা হৈছে৷ কিন্তু ইয়াৰ কাৰণ বিশ্বজুৰি ঘটা এক ডাঙৰ ইণ্টাৰনেট বিপৰ্যয়৷
এই ইণ্টাৰনেট বিভ্ৰাটৰ মূল কাৰণ হিচাপে ধাৰণা কৰা হৈছে ক্লাউডফ্লেয়াৰৰ চিষ্টেমৰ ডাঙৰ প্ৰযুক্তিগত ত্ৰুটি৷ ইণ্টাৰনেটৰ কণ্টেণ্ট ডেলিভাৰি আৰু সুৰক্ষা পৰিসেৱাৰ এক ডাঙৰ অংশ আছে ক্লাউডফ্লেয়াৰৰ নিয়ন্ত্ৰণত৷ কামত তেওঁলোকৰ চিষ্টেম ব্যৰ্থ হলে তাৰ প্ৰভাৱ কোনো এক পৰিসেৱাৰ মাজত ৰৈ নাথাকে৷ তেওঁলোকৰ পৰিকাঠামোৰ ওপৰত নিৰ্ভৰশীল সকলো প্লেটফৰ্মতেই তাৰ প্ৰভাৱ পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















