কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

বহুতৰেই ধাৰণা যে শৰীৰত কোনো ভিটামিন বা খনিজৰ অভাৱে দেখা দিলে হাড় দুৰ্বল হোৱা বা চুলিসৰাৰ দৰে লক্ষণ ফুটি উঠে৷ কিন্তু এই ধাৰণা সম্পূৰ্ণৰূপে সঠিক নহয়৷ দিল্লীৰ এইমছৰ প্ৰশিক্ষণপ্ৰাপ্ত গেষ্ট্ৰোএণ্টোৰলজিষ্টে জনোৱা অনুসৰি শৰীৰে পূৰ্বৰে পৰাই কিছু মৃদু সংকেত দি থাকে, যি বেছিভাগ মানুহে উপেক্ষা কৰে৷ এই প্ৰাথমিক লক্ষণসমূহ চিনিব পাৰিলেই গুৰুতৰ সমস্যা দূৰ কৰা সম্ভৱ৷ তেনে পাঁচটা গুৰুত্বপূৰ্ণ পুষ্টি উপাদানৰ অভাৱৰ প্ৰাথমিক ইংগিতৰ বিষয়ে জানি থওক৷

১. ভিটামিন ডিঃ বেছিভাগ মানুহৰেই ধাৰণা, ভিটামিন ডিৰ অভাৱৰ প্ৰথম লক্ষণ হৈছে দুৰ্বল হাড়৷ এই ভিটামিনৰ ঘাটিৰ প্ৰথম সতৰ্কতা হ’ব পাৰে কোনো সুস্পষ্ট কাৰণ অবিহনেই মন বেয়া বা হতাশা অনুভৱ কৰা৷ ভিটামিন ডিয়ে মস্তিষ্কৰ কাৰ্যকাৰিতা আৰু মেজাজ নিয়ন্ত্ৰণৰ সৈতে যুক্ত৷

২. মেগনেছিয়ামঃ পেশী টানি টানি ধৰা মেগনেছিয়ামৰ ঘাটিৰ প্ৰথম লক্ষণ৷ কিন্তু এইক্ষেত্ৰত প্ৰথম সতৰ্কতা হৈছে নিশা ভালকৈ টোপনি নহা আৰু কাৰণ অবিহনে অতিৰিক্ত উদ্বেগ বা উৎকণ্ঠা৷ মেগনেছিয়ামে স্নায়ুতন্ত্ৰক শান্ত ৰখাত সহায় কৰে আৰু মেগনেছিয়ামৰ অভাৱে টোপনিৰ চক্ৰ ব্যাহত হয়৷

৩. কেলছিয়ামঃ বহুতে ভাৱে কেলছিয়ামৰ অভাৱৰ প্ৰথম সংকেত হৈছে হাড় দুৰ্বল হৈ যোৱা বা বিষ৷ কিন্তু এই খনিজৰ প্ৰথম সতৰ্কতা হাত ভৰিৰ আঙুলি বা ওঁঠত ঝিনঝিননি৷ কেলছিয়ামে স্নায়ু সংকেত পৰিবহনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ অভাৱ হ’লে স্নায়ুসমূহ অতি সংবদেনশীল হৈ পৰে৷

৪. জিংকঃ জিংকৰ অভাৱৰ প্ৰথম লক্ষণ হৈছে ভোক কমি যোৱা আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা৷ কিন্তু স্বাদ বা গোন্ধৰ অনুভূতি কমি যোৱাটো জিংকৰ ঘাটিৰ প্ৰথম ইংগিত হব পাৰে৷ প্ৰকৃততে জিংকৰ অভাৱৰ সৈতে স্বাদ আৰু ঘ্ৰাণতন্ত্ৰৰ কাৰ্যকাৰিতাও জড়িত হৈ আছে৷

৫. আয়ৰণঃ আয়ৰণৰ অভাৱৰ প্ৰথম লক্ষণ হৈছে চুলি সৰা বা চকুৰ তলত কলা দাগ৷ এই লক্ষণ প্ৰায় প্ৰতিগৰাকী লোকৰ শৰীৰতেই দেখা যায়৷ ইফালে নিশা টোপনি ভাল হলেও অবিৰাম ক্লান্তি অনুভৱ কৰাটো আয়ৰণৰ ঘাটিৰ প্ৰথম সংকেত হব পাৰে৷ আয়ৰণে শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন বহন কৰাত সহায় কৰে৷ ইয়াৰ ঘাটিত ক্লান্তি সকলোতকৈ আগেয়ে আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *