আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৬ চন৷ আপুনি মেষ ৰাশিৰ জাতক হ’লে আনন্দৰে থাকক৷ কাৰণ নতুন বছৰে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব৷ এই কথা টেৰো কাৰ্ডৰ গণনাত পোৱা গৈছে৷ পেছাগত জীৱনত উন্নতি কৰিব৷ পেছা আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰে৷ জীৱনলৈ অহা সকলো চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব৷ পাৰিবাৰিক জীৱনত সুখ থাকিব৷ চাকৰিত উন্নতি কৰাৰ সুযোগ পাব৷
কেৰিয়াৰ আৰু আৰ্থিক পৰিস্থিতি
আপুনি বহু দিন ধৰি চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিছে৷ তেন্তে ২০২৬ত এয়া সম্ভৱ হব পাৰে৷ আগন্তুক বছৰত আৰু ভাল চাকৰিৰ সুযোগ আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ কৰ্মসূত্ৰে একাধিক ভ্ৰমণ কৰিব পাৰে৷ আন্তৰ্জাতিক যাত্ৰাৰো যোগ আছে৷ চাৰ্ভিছ ইণ্ডাষ্ট্ৰি, ইনভেষ্টমেণ্ট আৰু খাদ্য আৰু পানীয়ৰ ব্যৱসায়ৰ সৈতে যুক্তসকলে ২০২৬ চনত ভাল সময় আহিছে৷
প্ৰেম জীৱন
বিবাহৰ কথা ভাৱিছে? আগন্তুক বছৰত বিবাহৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ নিজৰ বাবে পাৰফেক্ট জীৱনসংগী বিচাৰি পাব পাৰে৷ জীৱনত ৰোমান্স ভৰপুৰ থাকিব৷ মনত জোৰ থাকিব৷ প্ৰিয় মানুহৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷
শৰীৰ-স্বাস্থ্য কেনে থাকিব?
স্বাস্থ্যক লৈ আগন্তুক বছৰত আৰু অলপ সচেতন হব মেষ ৰাশিৰ জাতক৷ শৰীৰৰ বিষয়ে যত্নশীল নহলে অসুস্থ হৈ পৰিব৷ কানৰ সংক্ৰমণ হব পাৰে৷ শৰীৰ বেয়া লাগিলে নিজে নিজে ডাক্তৰি কৰাৰ চেষ্টা নকৰিব৷ বাহিৰত খোৱাবোৱা নকৰিব৷ ঘৰত পাতল খাদ্য খাওক৷
বছৰৰ কোন সময় কেনেকুৱা?
২০২৬ চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত নতুন দায়িত্ব আৰু নতুন ভূমিকা লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি উন্নতি কৰিব৷ জ্ঞান আৰু বুদ্ধি কামত লগাই সকলো সমস্যাৰ সমাধান পাব৷ মে আৰু জুলাই মাহৰ কেৰিয়াৰত কিছু পৰিবৰ্তন আহিব৷ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত মেষৰ জাতকে ধৈৰ্য্যৰ পৰীক্ষা দিব লাগিব৷ নিজৰ ইগ’ৰ ওপৰত নিয়ন্ত্ৰণ ৰখা জৰুৰী৷ অহংকাৰ কৰিলে বিপদত পৰিব৷ বছৰৰ শেষত কেৰিয়াৰত ডাঙৰ সাফল্য পাব পাৰে৷ প্ৰমোছন পোৱাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















