শীত নামোতেই ঘনে ঘনে চৰ্দি-কাঁহ৷ যথেষ্ঠ সতৰ্কভাৱে চলিছে, ঠাণ্ডাও লগোৱা নাই, তথাপিও নিশা হলেই নাক বন্ধ হৈ আহে, শ্বাস ল’বলৈ কষ্ট হয়৷ পুৱাই উঠি দেখিব যে মূৰৰ বিষ আৰম্ভ হৈছে ঘনে ঘনে হাঁচি আহে৷ ঋতু সলনিৰ সময়ত চৰ্দি-কাঁহ লাগিয়েই থাকে৷ যদি ক্ৰনিক হৈ যায় তেতিয়া বিষয়টো চিন্তাৰ কাৰণ৷ সাধাৰণ চৰ্দি-কাঁহতকৈ বহু বেছি মাৰাত্মক লৈ উঠে ছাইনাচাইটিছ৷ শীতৰ সময়ত ইয়াৰ লক্ষণসমূহ আৰু স্পষ্ট হৈ উঠে৷
ঠাণ্ডাত কিয় বাঢ়ে ছাইনাচ?
কম তাপমাত্ৰা, শুষ্ক পৰিবেশ শ্বাসনলিৰ ভিতৰত প্ৰদাহ বাঢ়ি যায়৷ তাৰ ওপৰত যদি দূষণৰ প্ৰকোপ বেছি থাকে আৰু ভাইৰাছৰ সংক্ৰমণ ঘটে, তেতিয়া হলে ছাইনাচৰ সমস্যা বাঢ়িব পাৰে৷ সাধাৰণতে নাক,কপাল, নাকৰ ঠিক দুইপাশে বহু গহ্বৰ থাকে৷ এই গহ্বৰসমূহক ছাইনাচ বুলি কোৱা হয়৷ এই গহ্বৰসমূহত মিউকাছ জমা হৈ থাকে৷ যদি কোনো কাৰণত এই গহ্বৰসমূহত মিউকাছৰ পৰিমাণ বাঢ়ে বা তৰল জমা হৈ থাকে তেতিয়া প্ৰদাহ আৰম্ভ হয়৷ জমা তৰলত ভাইৰাছ বা বেক্টেৰিয়াই বংশবৃদ্ধি কৰে ফলত এলাৰ্জিৰ সংক্ৰমণ ঘটে৷ তেতিয়া ঘনে ঘনে নাক বন্ধ, ডিঙি বিষ, মূৰৰ বিষ, আনকি শ্বাসকষ্ট হোৱাও দেখা যায়৷
উপশমৰ উপায় কি?
এণ্টিবায়োটিক মুঠি মুঠিকৈ খালে ছাইনাচ নকমে৷ বৰং হিতে বিপৰীত হয়৷ সেয়ে নাক, ডিঙিৰ বিষ, এলাৰ্জি, হাঁচি, কাঁহ বাঢ়িলে চিকিৎসকৰ কাষলৈ যোৱাটোৱেই শ্ৰেয়৷
ঘৰত গৰম পানী কৰি ভাপ ললে আৰাম লাগে৷ দৈনিক টোপনিৰ পৰা উঠি নিশা টোপনি যোৱাৰ পূৰ্বে পানী গৰম কৰি ভাপ লওক৷
ছাইনাচ বাঢ়িলে ঘনে ঘনে জ্বৰ আহিব পাৰে৷ চকুৰ বিষ হব পাৰে৷ মূৰৰ বিষো হব পাৰে৷ এই সময়ত ঠাণ্ডা লাগিবলৈ নিদিব৷ বাহিৰলৈ ওলাওতে মাস্ক পিন্ধিব লাগিব৷ কাণ, ডিঙি যিমান পাৰে সিমান ঢাকি ৰাখক৷
নাকেৰে পানী টানিলেও উপকাৰ হব পাৰে৷ ইয়াৰ বাবে পানী ঠাণ্ডা কৰি তাত অলপ নিমখ মিহলাই লওক৷ দুই নাকেৰে এই পানী নিশাহত টানক৷ সেয়ে ছাইনাচৰ পথ পৰিষ্কাৰ হব৷ অতিৰিক্ত মিউকাছ বাহিৰলৈ ওলাই যাব৷
শৰীৰক আৰ্দ্ৰ ৰাখিবলৈ বেছিকৈ পানী খাওক৷ তুলসীপাত মিহলোৱা চাহ, আদা-দালচেনী-নিমখ মিহলাই চাহ খাওক৷ তেলমছালা দিয়া খাদ্য খাওক, নানান ধৰণৰ পাচলি দি ছ্যুপ বনাই খাওক৷
এচামুছ এপল ছাইডাৰ ভিনেগাৰ, হাফ চামুছ হালধি, সামান্য আদা কুচি, কাজিনেমু, সামান্য গোলমৰিচ, তিনি চাৰি ফুট নহৰু পানীত মিহলাই খাওক৷ পানীত সেই মিশ্ৰণ গৰম কৰি লৈ লাহে লাহে চুমুক দিয়ক৷ ইয়াত মধুও দিব পাৰে৷ ছাইনাচৰ সৈতে যুঁজ দিয়াত এয়া খুবেই ভাল উপায়৷
বহুতেই নেজাল ড্ৰপ ব্যৱহাৰ কৰি থাকক৷ এই ধৰণৰ ড্ৰপ তিনিদিনতকৈ বেছি ব্যৱহাৰ কৰা ঠিক নহয়৷ সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















