IPL ত আকৌ চমক দিছে কলকাতা নাইট ৰাইডাৰ্ছে৷ ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখ টকাত কেমৰণ গ্ৰীণক কিনিছে কেকেআৰে৷ কিন্তু তাৰ পাছতো তেওঁ এই সম্পূৰ্ণ ধন লাভ নকৰে৷ ২৫ লাখ ২০ কোটিৰ ভিতৰত মাত্ৰ ১২ কোটি ২০ লাখ টকাহে তেওঁৰ হাতলৈ আহিব৷ কিয় তেওঁৰ ধনৰাশি কমি যাব? নেপথ্যৰ কাৰণ কি?
আই পি এলৰ নিলামৰ বাবে এক বিশেষ নিয়ম আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে৷ কোনো বিদেশীৰ দৰ যিমানেই নহওক কিয় সেই ধন ১৮ কোটিতকৈ বেছি হ’ব নোৱাৰে৷ কাৰণ নিলামত বিদেশী ক্ৰিকেটাৰসকলৰ সৰ্বাধিক দাম ১৮ কোটিয়েই ৰখা হৈছে৷ কিন্তু সকলো দলৰ ক্ষেত্ৰত ১৮ কোটি টকাও নহ’ব৷ কাৰণ ইয়াৰ বাহিৰে আৰু এটা নিয়ম আছে৷ প্ৰত্যেক দলে যি টকাৰে সকলোতকৈ দামী ভাৰতীয় ক্ৰিকেটাৰ ৰাখিছে তাতকৈ বেছি দামী সেই দলে কোনো বিদেশী ক্ৰিকেটাৰ নাপাব৷
কলকাতা নাইট ৰাইডাৰ্ছৰ সকলোতকৈ দামী ভাৰতীয় ক্ৰিকেটাৰ ৰিঙ্কু সিং৷ তেওঁৰ দাম ১৩ কোটি টকা৷ এই ক্ষেত্ৰত ১৮ কোটিৰ নিয়ম নাখাটিব৷ সেই কাৰণেই গ্ৰীণে কেৱল ১৩ কোটি টকাই পাব৷ যি টকা কোনো বিদেশীক লোৱা হলে সেই টকাই দিব লাগিব ফ্ৰেঞ্জাইজিসমূহক৷ অৰ্থাৎ গ্ৰীণৰ বাবে ২৫ কোটি ২০ লাখ টকা খৰচ হব কেকেআৰৰ৷ গ্ৰীণে পাব ১৩ কোটি টকা আৰু বাকী ১২ কোটি ২০ লাখ টকা ভাৰতীয় ক্ৰিকেট বৰ্ডৰ ক্ৰিকেটাৰসকলৰ কল্যাণমূলক কামৰ বাবে খৰচ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















