টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি
টি-২০ বিশ্বকাপলৈ মাজত আৰু মাথো ১ টা মাহ। এনে ক্ষেত্ৰত সকলোৰে মনত প্ৰশ্ন এইবাৰো ভাৰতেই আঁজুৰি আনিব পাৰিবনে কাপ। ইয়াৰ এটাই উত্তৰ, ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এইবাৰো হট ফেভাৰিট হৈ নামিব টি-২০ বিশ্বকাপত। তাৰেই প্ৰমাণ দাঙি ধৰিলে কালি অনুষ্ঠিত হৈ যোৱা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত।
দক্ষিণ আফ্ৰিকাক টি-২০ চিৰিজ খনত ৩০ ৰানত হৰুৱাই চিৰিজ দখল কৰাৰ লগতে ভাৰতীয় দলে ২০২৫ৰ সফল সামৰণি মাৰে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত খেলা দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়।
প্ৰথমে বেটিং কৰি ভাৰতে এটা ভাল টাৰ্গেট দিয়ে দক্ষিণ আফ্ৰিকাক। অ’পেনাৰ সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই ৬৩ ৰানৰ অংশীদাৰিত্ব গঢ়ি সঞ্জুৱে ২২টা বলত ৩৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অভিষেক শৰ্মাই ২১টা বলত ৩৪ ৰান সংগ্ৰহ কৰে। তাৰ পিছত তিলক বৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াই ধুমুহাৰ গতিৰে খেলি তিলকে ৪২টা বলত ৭৩ ৰান সংগ্ৰহ কৰি ১টা ছয় আৰু ১০টা চাৰিটা ৰান সংগ্ৰহ কৰে।
আনহাতে ভাৰতৰ হৈ টি-২০ত দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে হাৰ্দিক পাণ্ডিয়াই। মাথো ১৬টা বলতেই ৫০ত উপনীত হয়। পাছত ২৫টা বলত ৬৩ ৰান সংগ্ৰহ কৰে। ভাৰতে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩১ ৰান সংগ্ৰহ কৰে।
২৩২ৰ টাৰ্গেট লৈ খেলপথাৰত নামি দক্ষিণ আফ্ৰিকাই প্ৰথমে ভাল আৰম্ভণি কৰে। অ’পেনাৰ কুইণ্টন ডি ককে আক্ৰমণাত্মকভাৱে বেটিং কৰি ৩৫টা বলত ৬৫ ৰান সংগ্ৰহ কৰে। ৰিজা হেণ্ড্ৰিক্সেও ১২টা বলত ১৩ ৰান সংগ্ৰহ কৰে। ডেৱাল্ড ব্ৰেভিছে ১৭টা বলত ৩১ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছতে ডেভিদ মিলাৰে ১৪টা বলত ১৮ ৰান সংগ্ৰহ কৰি আউট যায়। কিন্তু পাছলৈ বেটিং অৰ্ডাৰ নামি আহি দলটোৰ। দক্ষিণ আফ্ৰিকাই ৮টা উইকেট হেৰুৱাই ২০ অভাৰত ২০১/৮ ৰান কৰি পৰাজিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















