বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ
শাম কটা নাই বাংলাদেশৰ পৰিস্থিতি। এতিয়াও হিংসাত্মক পৰিস্থিতি বিৰাজ কৰিছে ভাৰতৰ চুবুৰীয়ে দেশ খনত। দেশ খনৰ যুৱ নেতা শ্বৰীফ উছমান হাদীৰ মৃত্যুৰ পাছতে জ্বলি উঠিছে দেশখনৰ জনতা। কোনো আততায়ীয়ে মূৰত গুৰি কৰিছিল হাদীৰ। উন্নত চিকিসাৰ বাবে ছিংগাপুৰলৈয়ে নিয়া হৈছিল হাদীক। কিন্তু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে হাদীয়ে। যাৰ পাছতে বাংলাদেশৰ উন্মুক্ত জনতা ক্ষোভিত হৈ আক্ৰমণ লক্ষ্য কৰি লয় হিন্দু লোকৰ লগতে অন্য বিৰোধি নেতা আৰু সাংবাদিক সকলক।
যাৰ পৰিণতিতেই বৰ্তমানে ভাৰতীয় সহায়ক উচ্চায়োগ কাৰ্যালয় আৰু ভিছা আবেদন কেন্দ্ৰত সুৰক্ষা অধিক কটকটীয়া কৰি তোলা হৈছে। বিভিন্ন স্থানতো সাধাৰণ জনতাৰ সুৰক্ষা বেষ্টনি কাঢ়া কৰি তোলা হৈছে।
এইদৰে সুৰক্ষা বৃদ্ধিৰ মূল কাৰণ হৈছে উগ্ৰ প্ৰতিবাদকাৰী। কাৰণ প্ৰতিবাদকাৰীয়ে এগৰাকী দীপু চন্দ্ৰ দাস নামৰ ২৫ বৰ্ষীয় যুৱকক মৰিয়া মৰিয়াই প্ৰাণ কাঢ়ি শেষত গছত ওলোমাই জুই লগাই দিয়ে। যাৰ বাবেই সুৰক্ষাৰ দিশটো অধিক কাঢ়া কৰি তোলা হৈছে সকলোফালে।
তাৰে মাজতে আৰক্ষী আৰু ৰেপিড এক্সন বেটেলিয়নে এই গণ প্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত থকা অপৰাধত বৰ্তমানলৈ ১০ জনক আটক কৰিছে। লগতে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















