আৰু ২দিন পাছতেই আৰম্ভ হৈছে ২০২৬ চন৷ নতুন বছৰৰ প্ৰথম মাহ বৈদিক জ্যোতিষ অনুসৰি বিশেষ উল্লেখযোগ্য হব৷ কাৰণ জানুৱাৰীত স্থান সলনি কৰিব চাৰি গ্ৰহই৷ এই চাৰি গ্ৰহ হৈছে চন্দ্ৰ, সূৰ্য, মঙ্গল আৰু শুক্ৰ৷ প্ৰথমে ১৪ জানুৱাৰীত ধনু এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ইয়াৰপাছতেই সেনাপতি গ্ৰহ মঙ্গলেও ১৭ জানুৱাৰীত মকৰ ৰাশিলৈ আহিব৷ সকলোতকৈ শেষত শুক্ৰই মঙ্গলেও গোচৰ কৰিব৷ ইয়াৰ ফলত মকৰ ৰাশিত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ জ্যোতিষ গণনা অনুসৰি জানুৱাৰীত এই চাৰি গ্ৰহৰ গোচৰ অত্যন্ত লাভজনক হব তিনি ৰাশিৰ জাতকৰ বাবে৷ জানি থওক বছৰৰ প্ৰথম মাহত চকুত লগা সাফল্য পাব কোনে কোনে?
মেষ ৰাশি
জানুৱাৰীত চাৰি গ্ৰহৰ গোচৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ চাকৰি আৰু ব্যৱসায়তো এই সময়ত বৃহৎ উন্নতি কৰিব পাৰিব৷ মেষ ৰাশিৰ কৰ্মৰ ঘৰত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ ফলত কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব এওঁলোকে৷ ইনক্ৰিমেণ্ট, বোনাছ আৰু প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ত নতুন চুক্তি মুনাফা বাঢ়িব৷ নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময় লাভজনক৷ পিতৃৰ সৈতে সম্পৰ্ক ভাল হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















