বহু মানুহে দাবী কৰিছে যে কম টকাৰ বাবে ধন জমা কৰিব পৰা নাই৷ কম উপাৰ্জন থাকিলেও কোনো ব্যক্তিয়ে মোটা অৰ্থ জমা কৰিব পাৰে৷ আনকি ১ কোটি টকাও জমা কৰিব পাৰে৷ আৰু ইয়াৰ বাবে মাহিলী মাত্ৰ ১৫০০ টকা জমা কৰিলেই যথেষ্ট৷
ইয়াত আমি এছ আই পিৰ এক হিচাপৰ কথা কৈছো৷ য’ত কোনো ব্যক্তিয়ে মাহিলী মাত্ৰ ১৫০০ টকাকৈ জমা কৰিও কোটিপতি হব পাৰিব৷ ইয়াৰ বাবে অৱশ্যে সময় কিছু বেছি লাগিব৷ আৰু দ্ৰুত কোটিপতি হ’ব খুজিলে বিনিয়োগৰ পৰিমাণ বঢ়াব লাগিব৷
১৫০০ টকা জমা কৰিয়েই কোটিপতি কেনেকৈ হ’ব?
মাহত মাত্ৰ ১৫০০ টকাৰ SIP কৰিলে কোনো ব্যক্তিয়ে ৩০ বছৰৰ পাছত কোটিপতি হব পাৰিব৷ ৩০ বছৰ পাছত জমা হোৱা মুঠ বিনিয়োগৰ পৰিমাণ হব ৫ লাখ ৪০ হাজাৰ টকা৷ ইয়াৰ ওপৰত যদি ১৪.৮ শতাংশ হাৰত সুদ পোৱা যায় তেন্তে সুদ পাব প্ৰায় ৯৪ লাখ ৯৪ হাজাৰ টকা৷ ফলত সকলো মিলি ৩০ বছৰ পাছত মুঠ পৰিমাণ হব ১ কোটি ৩৪ হাজাৰতকৈ বেছি৷
সোনকালে কোটিপতি হ’ব খুজিলে কি কৰিব?
১৫ বছৰতো কোটিপতি হোৱা সম্ভৱ৷ এইক্ষেত্ৰত ১৫ বছৰ ধৰি ১৫, ০০০ টকা জমা কৰিব লাগিব৷ যদি ১৪. ৮শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ১৫ বছৰৰ পাছত প্ৰকৃত ধন আৰু সুদ মিলি মুঠ জমাৰ পৰিমান হব প্ৰায় ১ কোটি ১৮ হাজাৰ টকা৷
বিনিয়োগৰ পূৰ্বে কি কৰিব?
মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে সঠিক ফাণ্ড বাচি লোৱা অত্যন্ত জৰুৰী৷ যিসকলে অলপ পৰিমাণে বিনিয়োগ কৰে, তেওঁলোকৰ ওচৰত ফাণ্ড বাচি লোৱা যথেষ্ট চেলেঞ্জিং হব পাৰে৷ কাৰণ ইয়াৰ বাবে ৰিচাৰ্ছৰ প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















