বাংলাদেশত আকৌ হিন্দু নিধনৰ ঘটনা৷
দীপু দাস, অমৃত মণ্ডলৰ পাছত আকৌ এজন হিন্দু যুৱকক শেষ কৰা হ’ল বাংলাদেশত৷
নিহত হিন্দু যুৱকৰ নাম বজেন্দ্ৰ বিশ্বাস৷
খবৰ অনুসৰি দীপুৰ দৰেই বস্ত্ৰ কাৰখানাত কৰ্মী হিচাপে কাম কৰি আছিল বজেন্দ্রই৷
তাতেই তেওঁক গুলি কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে৷
ময়মনসিংহ জিলাৰ ভালুকাৰ এক ফেক্টৰিত কাম কৰিছিল বজেন্দ্ৰ বিশ্বাস নামৰ ৪২ বছৰীয়া ব্যক্তিজনে৷
সোমবাৰে সন্ধিয়া ৬ বাজি ৪৫ মিনিটত তেওঁক গুলি কৰি হত্যা কৰে নমন মিঁয়া নামৰ ২৯ বছৰীয়া যুৱকে৷
ইতিমধ্যেই আৰক্ষীয়ে নোমন মিঁয়াক গ্ৰেপ্তাৰ কৰিছে৷
বাংলাদেশ আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে বজেন্দ্ৰ আৰু নোমন দুজজেই ছুলতানা চোয়েটাৰ্ছ লিমিটেড নামৰ ফেক্টৰীত নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল৷
নিজৰ ভিতৰতেই কথা পাতি থকাৰ সময়তে নোমনে বন্দুক ওলিয়াই ধেমালি কৰি বজেন্দ্ৰৰ দিশে টোৱাই৷
কিন্তু হঠাৎ বন্দুকৰ পৰা গুলি বাহিৰলৈ ওলাই বজেন্দ্ৰৰ ভৰিত লাগে৷
লগে লগে বজেন্দ্ৰক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















