পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্ছেল আছিম মুনিৰৰ কন্যাৰ বিবাহ সম্পন্ন হৈছে৷ বিবাহখনক লৈ চৰ্চা হোৱাৰ কাৰণেই হৈছে নিজ ভাতৃৰ সৈতে এই বিবাহ৷ অৰ্থাৎ আছিম মুনিৰৰ ভাতৃৰ পুত্ৰৰ সৈতেই তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন হৈছে৷ হাই-প্ৰফাইল লোক উপস্থিত থকা এই বিবাহৰ অনুষ্ঠান একেবাৰে গোপনে ৰখা হৈছিল৷
পাকিস্তানী সাংবাদিক জাহিদ গিশকোৰিয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ ইয়াত তেওঁ জনাইছে যে মুনিৰৰ কন্যাৰ সৈতে তেওঁৰ ভাতৃৰ পুত্ৰৰ বিবাহ হৈছে৷ তেওঁ জনাইছে যে মুনিৰে তেওঁ কন্যাক ভায়েক কাছিম মুনিৰৰ পুত্ৰৰ সৈতে বিয়া দিছে৷ ৰাওৱালপিণ্ডিত বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷
বিবাহ সংক্ৰান্তিয় এক ভিডিঅ’ত প্ৰকাশ পোৱা অনুসৰি দৰাৰ নাম আব্দুৰ ৰহমান৷ এক হাইপ্ৰফাইল বিবাহ৷ আব্দুল ৰহমান পূৰ্বে এগৰাকী পাকিস্তান সেনাবাহিনীৰ কেপ্টেইন আছিল৷ এই ভিডিঅ’ত মুনিৰৰ কন্যাৰ সম্পৰ্কেও তথ্য দিয়া হৈছে৷ মুনিৰৰ চাৰিগৰাকী কন্যা আছে৷ বিবাহত বহা কন্যাগৰাকী তেওঁৰ তৃতীয় কন্যা৷ এইগৰাকী কন্যাৰ নাম মাহনুৰ৷ মাহনুৰে বিবাহপাশত আৱদ্ধ হোৱা ককায়েক পাকিস্তান সেনাবাহিনীত কেপ্টেইন হোৱাৰ পূৰ্বে ছিভিল চাৰ্ভিচত যোগ দিছিল৷ বৰ্তমান তেওঁ সেনা কৰ্মকৰ্তাসকলৰ ছিভিল চাৰ্ভিছ কোটাত সহকাৰী কমিছনাৰ৷
ৰিপৰ্ট অনুসৰি পাকিস্তানৰ বৰ্তমান প্ৰেছিডেণ্ট আছিফ আলি জাৰদাৰি, প্ৰধানমন্ত্ৰী শ্বেহবাজ শৰিফ, পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়ম নাৱাজ শৰিফকে ধৰি কেইবাগৰাকী উচ্চপদস্ত লোক এই বিবাহত উপস্থিত আছিল৷ বিবাহত ৪০০জনতকৈ বেছি হাইপ্ৰফাইল অতিথি উপস্থিত থকাৰ বাবে সুৰক্ষাৰ দিশলৈ চাই এই বিবাহ সম্পূৰ্ণ গোপনে ৰখা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















