কাইলৈ ৯ জানুৱাৰী ২০২৬ শুকুৰবাৰে চন্দ্ৰই কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ পুহৰ ষষ্ঠী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শোভন যোগ আৰু অতিগণ্ড যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰৰ প্ৰভাৱ৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ৯ জানুৱাৰী বুধাদিত্য যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ মা লক্ষ্মীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব বৃষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰো বিবাহৰ কথা আগুৱাব পাৰে৷
কৰ্কট ৰাশি
কাইলৈ পুহৰ কৃষ্ণা ষষ্ঠীত সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি লাভ কৰিব পাৰে৷ কোন ঘৰ বা বাহন কিনাৰ দীৰ্ঘদিনৰ ইচ্ছা থাকিলে সেয়া কাইলৈ সফল হব৷ কেৰিয়াৰত কিছু শুভ পৰিবৰ্তন দেখা পাব৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
সিংহ ৰাশি
শোভন যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হব৷ সকলো কামতে কাইলৈ ভৰপুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে কাইলৈ কোনো সুখবৰ লাভ কৰিব৷ অফিচত আপোনাৰ পৰিস্থিতি ভালে থাকিব৷
বৃশ্চিক ৰাশি
কাইলৈ শুকুৰবৰা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰৰ মাধুৰ্যত সকলো মুগ্ধ হব৷ ইয়াৰ ফলত সকলোৰে সৈতে কাইলৈ ভাল সম্পৰ্ক বজায় ৰাখিব পাৰিব৷ কৰ্মক্ষেত্ৰত লাভৱান হব বৃশ্চিক ৰাশিৰ জাতক৷ আৰ্থিকভাৱে লাভৱান হব৷
ধনু ৰাশি
কাইলৈ উত্তৰ ফাল্গুনী নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ সামাজিক মিলামিছাত কাইলৈ বহুতৰে সৈতে ভাল সম্পৰ্ক নিৰ্মাণ কৰিব পাৰিব৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে আপোনাৰ সু সম্পৰ্ক থাকিব৷ মানসিক চাপমুক্ত হৈ কাইলৈৰ দিনটো ভালকৈ কটাব ধনু ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















