জ্যোতিষশাস্ত্ৰ অনুসৰি সঠিক সময়ত সঠিক গ্ৰহই সঠিক স্থানত থাকিলে আমাৰ সিদ্ধান্ত গ্ৰহণত ইতিবাচক প্ৰভাৱ পেলায়৷ ফলত সাফল্যৰ পথ সুগম হয়, কেৰিয়াৰৰ পৰা আৰ্থিক ক্ষেত্ৰত অগ্ৰগতিয়ে দেখা দিয়ে৷ জ্যোতিষ গণনাই কৈছে ২০২৬ চনত বিভিন্ন গ্ৰহৰ অৱস্থানৰ কাৰণে লাভ পাব পাৰে পাঁচ ৰাশিৰ জাতকে৷ নতুন বাহন ঘৰ কিনিব পাৰে৷ জীৱনত আৰাম আৰু বিলাসিতা বাঢ়িব৷ বৃহস্পতি, শনি, ৰাহু আৰু কেতুৰ অৱস্থানৰ কাৰণেই এই সুখ আহিব৷ বিনিয়োগৰ পৰা লাভৱান হব৷ আগন্তুক ১১ মাহ ধৰি সুফল অৰ্জন কৰিব কোন কোন ৰাশিৰ জাতকে?
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে ২০২৬ চনৰ মাজভাগত ঘৰ ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ যিসকলে বহু দিন ধৰি ঘৰ বা ফ্লেট কিনাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় শুভ৷ এই সময়ত বৃহস্পতিয়ে কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৃহস্পতিৰ উচ্চ ৰাশি কৰ্কট৷ যাৰ সুফল পাব এই ৰাশিৰ জাতকে৷ জুলাই-ডিচেম্বৰ ২০২৬ৰ মাজত নতুন ঘৰ বা ফ্লেট কিনিব পাৰে৷ পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি থকা কোনো সম্পত্তিৰ চুক্তি সম্পন্ন হব পাৰে৷ পৰিয়ালৰ সৈতে সুখ-শান্তি বৃদ্ধি পাব৷
সিংহ ৰাশি
এই বছৰ বাহন ক্ৰয়ৰ প্ৰৱল সম্ভাৱনা আছে সিংহ ৰাশিৰ জাতকৰ৷ বছৰৰ বেছিভাগ সময়ত কেতু সিংহ ৰাশিতেই থাকিব৷ যিয়ে দীৰ্ঘদিনৰ ইচ্ছা পূৰণত সহায় কৰিব পাৰে৷ নতুন বাহন কিনিব পাৰে৷ আপোনাৰ জীৱনত আৰাম আৰু সুখ বৃদ্ধি পাব৷ চাকৰি বা ব্যৱসায় উন্নতিৰ দিশত পৰিচালিত কৰিব পাৰিব৷ এই বছৰ সিংগ ৰাশিৰ শুভ সময় ফেব্ৰুৱাৰী-আগষ্ট ২০২৬৷
মিথুন ৰাশি
জীৱনত বিভিন্ন ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব৷ বছৰৰ প্ৰথম মাহত বৃহস্পতি মিথুন ৰাশিত অৱস্থান কৰিব৷ যিয়ে এই ৰাশিৰ জাতকৰ কমিউনিকেছন স্কিল উন্নত কৰিব৷ ভ্ৰমণৰ সুযোগ আহিব৷ নানান ক্ষেত্ৰত বিভিন্ন সুবিধা আনি দিব৷ বাহন ক্ৰয়ৰ প্লেন থাকিলে বছৰৰ প্ৰথম তিনি মাহ আপোনাৰ বাবে শুভ৷ ঘৰ ক্ৰয়ৰ বাবে হোম লোন বিচাৰিলে সহজেই লাভ কৰিব৷ এই বছৰ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ মাহ হৈছে জানুৱাৰীৰ পৰা জুন৷
মকৰ ৰাশি
বছৰৰ শেষত নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে৷ ৰাহু ২০২৬ চনৰ ডিচেম্বৰত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ যিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু উল্লেখযোগ্য সাফল্য অৰ্জনৰ সম্ভাৱনা তৈয়াৰ কৰিব পাৰে৷ বছৰৰ শেষত ঘৰ বা মাটি ক্ৰয় কৰিব পাৰে৷ পুৰণি সম্পত্তি বিক্ৰি কৰিলেও ভাল লাভ পাব৷ নতুন বিনিয়োগৰ সুযোগ তৈয়াৰ হব৷ মকৰ ৰাশিৰ জাতকৰ বাবে শুভ সময় হৈছে অক্টোবৰৰ পৰা ডিচেম্বৰ৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে নতুন সম্পত্তিত বিনিয়োগ বা বাহন ক্ৰয়ৰ সুযোগ আহিব৷ শনিয়ে সমগ্ৰ বছৰ মীন ৰাশিতেই থাকিব৷ যিয়ে দীৰ্ঘম্যাদি আৰু স্থায়ী বিনিয়োগৰ বাবে ভাল হব৷ মাটি বা ঘৰ ক্ৰয় কৰিব৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ সাৱধান, শনিৰ চাৰে সাতিৰ প্রভাৱো আছে আপোনাৰ ওপৰত৷ বিভ্ৰান্তি বা লোভৰ বশবৰ্তী হৈ কোনো কাম নকৰিব৷ এনে কৰিলে ক্ষতিৰ সম্ভাৱনা আছে৷ এই বছৰ আপোনাৰ বাবে শুভ সময় মাৰ্চৰ পৰা নৱেম্বৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















