আগন্তুক সোমবাৰ ১২ জানুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহত গঠিত হব শুক্ৰাদিত্য ৰাজযোগ৷ ২০২৬ চনৰ প্ৰথম মাহত মকৰ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ আগন্তুক সপ্তাহত পালিত হব মকৰ সংক্ৰান্তিও৷ ইয়াৰ সৈতে সিংহ আৰু শুক্ৰৰ গোচৰত গঠিত হব শুক্ৰাদিত্য ৰাজযোগ৷ বৈদিক জ্যোতিষ অনুসৰি এই ৰাজযোগ অত্যন্ত শুভ ফলদায়ী৷ আগন্তুক সপ্তাহত উন্নতি কৰিব কেইটামান ৰাশিৰ জাতকে৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি পাব আৰু চৰকাৰী কামত উন্নতি কৰিব৷ জানি থওক শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত ১২ জানুৱাৰী ২০২৬ৰ পৰা ১৮ জানুৱাৰী ২০২৬ৰ মাজত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
আগন্তুক সপ্তাহত সুন্দৰ সময় কটাব বৃষ ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ সাংসৰিক সুখ সমৃদ্ধি বাঢ়িব৷ আগন্তুক সপ্তাহত আপুনি এনে কিছু সুযোগ পাব যিয়ে আপোনাৰ ভৱিষ্যতক সোণৰ দৰে উজলাব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ আৰ্থিক অৱস্থাৰো উন্নতি হব৷ শান্ত মগজুৰে সিদ্ধান্ত ল’ব পাৰে৷
মিথুন ৰাশি
আগন্তুক সপ্তাহে মিথুন ৰাশিৰ জাতকৰ বাবে সন্মান আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব৷ চাকৰিয়ালে নতুন প্ৰকল্পৰ দায়িত্ব পাব৷ কৰ্মক্ষেত্ৰত আপুনি নিজকে আৰু সুন্দৰৰূপত প্ৰতিস্থাপন কৰিব পাৰিব৷ আৰ্থিকভাৱেও আগন্তুক সপ্তাহ আপোনাৰ বাবে অত্যন্ত শুভ হব পাৰে৷ হাতলৈ ধন আহিব৷ প্ৰেমৰ সম্পৰ্কত মজবুত হব৷
কৰ্কট ৰাশি
আগন্তুক সপ্তাহ সুখ সমৃদ্ধিৰে ভৰপুৰ হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ সৃজনশীল কামৰ সৈতে যুক্তসকলে প্ৰচুৰ সাফল্য পাব৷ নিজৰ কামক লৈ মনত সন্তোষ থাকিব৷ কেৰিয়াৰত আগন্তুক সপ্তাহত বৃহৎ ব্ৰেক থ্ৰু পাব কৰ্কট ৰাশিৰ জাতকে৷ আপোনাৰ আশেপাশে পৰিস্থিতি ধীৰে ধীৰে উন্নত হব৷ সাংসৰিক সমস্যা দূৰ হব৷
সিংহ ৰাশি
১২ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সপ্তাহত মনত ভৰপুৰ আনন্দ থাকিব সিংহ ৰাশিৰ জাতকৰ৷ প্ৰবীণসকলৰ আশীৰ্বাদ পাব৷ জীৱনত শান্তি পাব সিংহৰ জাতকে৷ ৰোমান্স ভৰপুৰ থাকিব৷ স্বাস্থ্য ভালে থাকিব৷ সকলো মিলি আগন্তুক সপ্তাহ ৰিলেক্স হৈ কটাব পাৰিব৷ সকলো কামতে বেছিকৈ এনাৰ্জি পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে আগন্তুক সপ্তাহত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত কিছু পৰিবৰ্তন আহিব৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পৰিয়াল আৰু বন্ধুৰ পৰা প্ৰয়োজনীয় সমৰ্থন পাব৷ আৰ্থিক লাভ হব৷ ফলত বেংক বেলেন্স বাঢ়িব৷ জীৱনলৈ প্ৰেম আহিব৷ স্বাস্থ্যকৰ জীৱনযাত্ৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















