বৈদিক জ্যোতিষত শুক্ৰগ্ৰহ যাৰ জন্মছকত ভাল অৱস্থানত থাকে, তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ অভাৱ কেতিয়াও নহয়৷ শুক্ৰ গ্ৰহৰ প্ৰভাৱত অৰ্থ আৰু সাফল্য লাভ কৰা সম্ভৱ হয়৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতিৰ পাছত সকলোতকৈ শুভ গ্ৰহ হৈছে শুক্ৰ৷ পুৰাণত শুক্ৰক অসুৰৰ শিক্ষাগুৰু বুলি ধাৰণা কৰা হয়৷ এটা ৰাশিৰ পৰা অন্য ৰাশিলৈ যাবলৈ শুক্ৰ গ্ৰহৰ ২৩ দিন সময় লাগে৷ বুধ আৰু শনি হৈছে শুক্ৰৰ মিত্ৰ গ্ৰহ৷ কোষ্ঠীত শুক্ৰ উচ্চস্থ হ’লে মা লক্ষ্মীৰ আশীৰ্বাদ জাতকৰ সৈতে সকলো সময়তে থাকে৷ জানি থওক কোন কোন ৰাশিৰ জাতক শুক্ৰৰ প্ৰিয় হয়৷ এওঁলোকে সকলো সময়তে সুখ শান্তি লাভ কৰে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ গ্ৰহ অধিপতি হৈছে শুক্ৰ৷ বৃষ ৰাশিৰ জাতক বুদ্ধিমান আৰু পৰিশ্ৰমী৷ এওঁলোক শাৰীৰিক সৌন্দৰ্যৰ অধিকাৰী হয় আৰু সহজেই সকলোকে আকৰ্ষণ কৰিব পাৰে৷ এওঁলোক য’তেই থাকে তাতেই নিজৰ এক পৃথক পৰিচয় গঢ়ি তোলে৷ সুন্দৰ হৈ থাকিবলৈ ভালপায় বৃষ ৰাশিৰ জাতক৷ সকলো সময়তে তেওঁলোকক তেওঁলোকৰ বয়সতকৈ সৰু লাগে৷ মা লক্ষ্মীৰ আশীৰ্বাদ সকলো সময়তে থাকে তেওঁলোকৰ ওপৰত৷
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ৷ শুক্ৰৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত সদায়ে থাকে৷ এওঁলোকে জীৱনত আৰাম আৰু বিলাসিতা লাভ কৰে৷ তুলা ৰাশিৰ জাতক বুদ্ধিমান আৰু নিজৰ কামত দক্ষ৷ সিদ্ধান্ত লোৱাৰ খুবেই ভাল ক্ষমতা তেওঁলোকৰ থাকে৷ সকলো কামেই নিখুঁতভাৱে কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ তুলা ৰাশিৰ জাতকে কিবা কৰিব বুলি ভাৱিলে কৰিহে শান্ত হয়৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ ওপৰত শুভ প্রভাৱ থাকে শুক্ৰ গ্ৰহৰ৷ মীন ৰাশিৰ জাতকৰ মাজত সৃজনশীলতা থাকে৷ তেওঁলোকে যি কামতেই কৰে তাতেই খ্যাতি অৰ্জন কৰে৷ মীন ৰাশিৰ জাতকে এবাৰ যি কৰিব বুলি ঠিক কৰে যিকোনো উপায়েৰে সেয়া সম্পন্ন কৰে৷ মনৰে খুবেই ভাল আৰু উদাৰ প্ৰকৃতিৰ হয় মীন ৰাশিৰ জাতক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















