ঘৰে ঘৰে বিক্ষোভ তুংগত, বাহিৰৰ পৰা আমেৰিকাৰ ধমকি৷ বিক্ষোভকাৰীসকলৰ সমৰ্থনত মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ ধমকিৰ পাছতেই হঠাৎ নিজৰ আকাশীপথ বন্ধ কৰিলে ইৰানে৷ ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ একাধিক এয়াৰলাইন্স সংস্থাৰ পৰিসেৱাত৷ সকলো আন্তৰ্জাতিক ৰুটৰ ফ্লাইটেই ইৰানৰ আকাশীপথ ব্যৱহাৰ কৰাত অসুবিধাত পৰিব পাৰে৷ ইয়াৰ সৈতে সমস্যাত পৰিছে ইৰান এৰি ভাৰতলৈ উভতিব খোজা নাগৰিকসকল৷
বুধবাৰে নিশা প্ৰথমে দুঘণ্টাৰ বাবে, তাৰপিছতেই অনিৰ্দিষ্টকালৰ বাবে আকাশসীমা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে খামেনেই চৰকাৰে৷ ইৰানৰ আকাশপথ বন্ধ হোৱাৰ বাবে সেই ৰুটেৰে উৰান বিলম্ব হৈছে আনকি বহু বিমান বাতিল হোৱাৰো সম্ভাৱনা আছে বুলি জনাইছে এয়াৰ ইণ্ডিয়াই৷ যাত্ৰীসকলৰ বাবে তেওঁলোকে এডভাইজাৰি জাৰি কৰিছে৷
বিমান সংস্থাই জনাইছে যে ইৰানৰ আকাশসীমা বৰ্তমান বাণিজ্যিক বিমানৰ বাবে বন্ধ৷ ইয়াৰ ফলত ইৰানৰ ওপৰেৰে যিসমূহ ফ্লাইট যোৱাৰ কথা আছিল সেইসমূহে বিকল্প পথেৰে যাত্ৰা কৰিছে৷ ইয়াৰ ফলত বিমানসমূহে গন্তব্যলৈ যাবলৈ কিছু সময় দেৰিও হব পাৰে৷ যাত্ৰীসকলৰ ওচৰত সেইবাবে ক্ষমাও বিচাৰিছে সংস্থাটোৱে৷ তেওঁলোকে জনাইছে যে ক্ৰ আৰু যাত্ৰীৰ সুৰক্ষাই তেওঁলোকৰ প্ৰাথমিক লক্ষ্য৷
কেৱল এয়াৰ ইণ্ডিয়াই নহয়, আন্তৰ্জাতিক ফ্লাইটৰ কিছু ৰুটত ইৰানৰ আকাশপথ ব্যৱহাৰ কৰে ইণ্ডিগো আৰু স্পাইছজেটেও৷ ফলত তেওঁলোকৰ পৰিসেৱাসমূহতো প্ৰভাৱ পৰাৰ আশংকা আছে৷ বিমান সংস্থাসমূহে আন্তৰ্জাতিক ফ্লাইটৰ যাত্ৰীসকলেও এই সম্পৰ্কে আগন্তুক সতৰ্কতাও জাৰি কৰিছে৷ ফ্লাইট বাতিলৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্থ গ্ৰাহকৰ ৰি বুকিং বা ৰিফাণ্ডৰ সুযোগ দিয়া হ’ব বুলিও জনাইছে ইণ্ডিগোই৷
প্ৰসংগত ইৰানৰ উত্তপ্ত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰেই ভাৰতে সেই দেশত থকা সকলো নাগৰিকক অবিলম্বে তাৰ পৰা বাহিৰলৈ অহাৰ বাবে নিৰ্দেশিকা জাৰি কৰিছে৷ তাৰ কেইঘণ্টাৰ পাছতেই বন্ধ কৰি দিয়া হৈছে ইৰানৰ আকাশপথ৷ লাইভ ফ্লাইট ট্ৰেকিং চাইট Flightradar24 অনুসৰি ইণ্ডিগোৰ ফ্লাইট 6E1808-আছিল শেষ ভাৰতীয় ফ্লাইট যিয়ে ইৰানৰ আকাশপথ ব্যৱহাৰ কৰিছিল৷ জৰ্জিয়াৰ তিবিলিছিৰ পৰা দিল্লীলৈ আহিছিল বিমানখন৷ বৃহস্পতিবাৰে পুৱা ২.৩৫ মিনিটত ইৰানৰ আকাশসীমা অতিক্ৰম কৰি পুৱা ৭.০৩ মিনিটত দিল্লীত অৱতৰণ কৰিছিল বিমানখনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















