ডলাৰৰ তুলনাত আকৌ পতন ভাৰতীয় মুদ্ৰাৰ দাম৷ ১ ইউ এছ ডলাৰৰ বিপৰীতে প্ৰায় ৯১ টকা হ’ল ভাৰতীয় মুদ্ৰা৷ বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি ২০ জানুৱাৰীত এই ৰেকৰ্ড পতন হৈছে ভাৰতীয় মুদ্ৰাৰ৷ সোমবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ দাম হৈছিল ৯০.৯০ টকা৷ বহুতৰে দাবী যে বিদেশী বিনিয়োগ বাঢ়ি যোৱাৰ বাবেই আন্তৰ্জাতিক বাণিজ্যত এই ধৰণৰ সমস্যা হৈছে৷ ক্ৰমশ ডলাৰৰ তুলনাত দুৰ্বল হৈছে ভাৰতীয় মুদ্ৰা৷
সোমবাৰে নতুন ৰেকৰ্ড তৈয়াৰ হৈছে ভাৰতীয় মুদ্ৰাৰ দামত৷ ১২পইছাৰ পৰা নামি প্ৰতি ডলাৰত ৯০.৯০ টকাত ৰৈছিল ভাৰতীয় মুদ্ৰা৷ যি ভাৰতীয় মুদ্ৰাৰ ৰেকৰ্ড ক্লোজিং লেভেলৰ খুবেই কাষত৷ ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১৬ ডিচেম্বৰত ৰেকৰ্ড পতন দেখা গৈছিল ভাৰতীয় মুদ্ৰাত৷ সেই দিনাই ইন্ট্ৰা ডেত প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা হৈছিল ৯১.১৪ টকা৷ ক্লোজ হৈছিল ৯০.৯৩ টকাত৷
Forex মাৰ্কেট বিশেষজ্ঞই জনাইছে যে এতিয়া আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক বজাৰৰ যি পৰিস্থিতি তাৰ বাবেই টকাৰ দাম ক্ৰমশ পৰি গৈছে৷ গ্ৰিণলেণ্ডক লৈ ইউৰোপৰ দেশসমূহৰ সৈতে চৰম বিৰোধ আৰম্ভ হৈছে আমেৰিকাৰ প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ৷ ২০২৫ চনৰ পৰা ক্ৰমশ ধাক্কা খাইছে ভাৰতীয় মুদ্ৰাই৷ ডলাৰৰ তুলনাত ক্ৰমশ পৰি গৈছে টকাৰ দাম৷ বিগত বছৰত ৬শতাংস দাম পৰি গৈছে ভাৰতীয় মুদ্ৰাৰ৷ ২০২৫ৰ ডিচেম্বৰত প্ৰথম ডলাৰে প্ৰতি ৯০ টকা পাৰ হয় ভাৰতীয় মুদ্ৰাৰ দাম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















