সোমবাৰে সূৰ্য উঠাৰ লগে লগেই ৭৬তম গণতন্ত্ৰ দিৱস৷ দেশজুৰি উদযাপন কৰা হ’ব গণতন্ত্ৰ দিৱস৷ গণতন্ত্ৰ দিৱসৰ কুচকাৱাছৰ শব্দত মুখৰিত হ’ব নতুন দিল্লীৰ কৰ্তব্যপথ৷ আৰু তাতেই ইতিহাসত লিপিবদ্ধ হ’বলৈ গৈ আছে এগৰাকী ২৬ বছৰীয়া বীৰাঙ্গনাৰ কাহিনী৷ জম্মু-কাশ্মীৰৰ কন্যা সিমৰণ বালা, বৰ্তমান তেওঁ এগৰাকী এছিচটেণ্ট কমাণ্ডেণ্ট অফিচাৰ৷ তেঁৱেই এইবাৰ গণতন্ত্ৰ দিৱসৰ চেন্ট্ৰেল ৰিজাৰ্ভ পুলিছ ফোৰ্চৰ সমগ্ৰ পুৰুষ বাহিনীক কুচকাৱাছৰ নেতৃত্ব দিব৷
কোন এই সিমৰণ বালা?
জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সীমান্ত লাগোৱা নওছেৰাৰ বাসিন্দা সিমৰণ বালা৷ লাইন অফ কন্ট্ৰোলৰ কাষতেই তেওঁ ডাঙৰ হৈছে৷ সেই কাৰণেই দেশৰ সীমান্তবৰ্তী এলেকাৰ বাস্তৱতাৰ সৈতে তেওঁৰ চিনাকী বহুদিনীয়া৷ ২০২৩ চনত প্ৰথম প্ৰচেষ্টাতেই ইউ পি এছ চি চেন্ট্ৰেল আৰ্মড পুলিছ ফোৰ্ছৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ৷
উল্লেখযোগ্য বিষয় হৈছে সেই বছৰেই জম্মু আৰু কাশ্মীৰৰ পৰা একমাত্ৰ মহিলা প্ৰাৰ্থী হিচাপে তেওঁ সেই পৰীক্ষাত সফল হয়৷ সেই এলেকাৰ তৰুণীসকলৰ কাষত নিজৰ ভৰিত ঠিয় হোৱাটোৱেই এক ডাঙৰ চেলেঞ্জ আৰু তাৰপৰাই ওলাই আহিছে সিমৰণ বালা৷ সেই কাৰণেই গণতন্ত্ৰ দিৱসৰ কুচকাৱাছৰ দৰে মঞ্চত এক পুৰুষ বাহিনীক নেতৃত্ব দিয়াৰ সপোন আজি সাৰ্থক হোৱাৰ পথত৷
সিমৰণে এই দায়িত্ব লাভ কৰিছে তেওঁৰ নেতৃত্বগুণ, আত্মবিশ্বাস আৰু কুচকাৱাছৰ প্ৰতি থকা সন্মানৰ বাবেই৷ এককথাত সেয়া জম্মু আৰু কাশ্মীৰৰ বাবেই নহয় সমগ্ৰ দেশৰ কন্যাসকলৰ বাবে অনুপ্ৰেৰণাৰ আৰু এক নাম হওক৷ সকলোৱে জানক ভূস্বৰ্গৰ এই বীৰাঙ্গনাৰ কাহিনী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















