চৰকাৰে বিগত বছৰৰ ২২ ছেপ্টেম্বৰৰ পৰা নতুন জিএছটি হাৰ কাৰ্যকৰ কৰিছে যাৰ অধীনত সৰু গাড়ীৰ ওপৰত এতিয়া ২৮ শতাংশৰ পৰিবৰ্তে ১৮ শতাংশ জিএছটি প্ৰযোজ্য হৈছে৷ যানবাহনৰ ওপৰত জি এছ টি হ্ৰাসৰ পাছৰে পৰা সাধাৰণ মানুহে এতিয়া বাহন কিনিছে৷
কোনোৱে যদি কাৰ লোন লোৱাৰ কথা ভাৱে তেন্তে আমি গাড়ী ঋণ সম্পৰ্কিত এক গুৰুত্বপূৰ্ণ হিচাপ শ্বেয়া কৰিম৷ এতিয়া আমি বাখ্যা কৰিব খুজিছো ষ্টেট বেংক অফ ইণ্ডিয়া, সংক্ষেপে যি SBI নামেৰে সুপৰিচিত৷ তাৰ পৰাই ৫ বছৰৰ বাবে ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু প্ৰতিমাহে কিমান EMI দিব?
১০ লাখ টকাৰ কাৰ লোনৰ বাবে প্ৰয়োজনীয় দৰমহা কিমান?
ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কমোৱাৰ পাছতেই কাৰ লোনসহ সমস্ত ঋণেই সস্তা হৈ গৈছে৷ ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া মাত্ৰ ৮.৭ শতাংশ সুদৰ হাৰৰ পৰা আৰম্ভ কৰি কাৰ লোন অফাৰ কৰিছে৷ এইবাৰ এছ বি আইৰ পৰা কাৰ লোন পাবলৈ হলে বাৰ্ষিক দৰমহা কমেও ৩ লাখ হব অথৱা মাহিলী দৰমহা কমেও ২৫, ০০০ টকা হব৷
SBI য়ে তেওঁলোকৰ গ্ৰাহকসকলৰ মাহিলী দৰমহাৰ ৪৮ গুণ পৰ্যন্ত কাৰ ঋণ প্ৰদান কৰে৷ ধৰা হ’ল কোনোৱে যদি মাহিলী ২৫০০০ টকা দৰমহা পায় তেন্তে ২৫০০০ x ৪৮ = ১২,০০,০০০ টকা পৰ্যন্ত কাৰ লোন দিয়ে৷ মাহিলী EMI কিমান হ’ব?
৮.৭ শতাংশ সুদৰ হাৰ SBIৰ পৰা ৫ বছৰৰ বাবে ১০ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত প্ৰতিমাহে প্ৰায় ২০, ৬১৩ টকা EMI দিব লাগিব৷ কেৱল সেয়াই নহয়, কোনোৱে যদি মাত্ৰ ৩ বছৰৰ বাবে কাৰ লোন হয় তেতিয়া মাহিলী ইএমআই হব প্ৰায় ৩১৬৬০টকা৷ ষ্টেট বেংক অফ ইণ্ডিয়াই সৰ্বোচ্চ ৭ বছৰৰ বাবে কাৰ লোন প্ৰদান কৰে৷ কোনোৱে যদি ৭ বছৰৰ বাবে ১০ লাখ টকাৰ কাৰ লোন হয় তেতিয়া প্ৰতিমাহে ১৫, ৯৩৭ টকা ইএমআই দিব লাগিব৷ মনত ৰাখিব যে ঋণৰ ম্যাদ যিমান বেছি হ’ব সুদ সিমানেই বেছ দিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ