বৈদিক জ্যোতিষত বুধ গ্ৰহক বুদ্ধি, ব্যৱসায় আৰু যোগাযোগৰ কাৰক হিচাপে ধৰা হয়৷ আৰু শনি গ্ৰহ কৰ্ম, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতীক৷ ২০২৬ চনৰ ৩ফেব্ৰুৱাৰী, মঙ্গলবাৰে বুধ আৰু শনিয়ে এটাই আনটোৰ পৰা ৩৬ ডিগ্ৰী কৌণিক দূৰত্বত অৱস্থান কৰি দশাংক যোগ গঠন কৰিব৷ জ্যোতিষশাস্ত্ৰত এই যোগক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই বিশেষ যোগৰ প্রভাৱত চাৰিটা ৰাশিৰ জীৱনলৈ আহিব পাৰে ডাঙৰ লাভ আৰু ইতিবাচক পৰিবৰ্তন৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে বুধ আৰু শনিৰ এই দশাংক যোগে ভাগ্য উজ্জ্বল কৰিব পাৰে৷ কৰ্মজীৱনত বৃহৎ সাফল্য পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায় সংক্ৰান্তিয় যিকোনো সিদ্ধান্ত ল’ব পাৰে৷ সেইসমূহত উল্লেখযোগ্য লাভ আনি দিব পাৰে৷ উন্নতিৰ নতুন পথ খুলি যাব৷ বুদ্ধি আৰু পৰিশ্ৰমৰ সঠিক সমন্বয়ত কামৰ ক্ষেত্ৰত সাফল্য আহিব৷ আৰ্থিক লাভৰ ফলত পুৰণি ডাঙৰ ঋণ শোধ কৰা সম্ভৱ হব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে বুধ শনিৰ এই দশাংক যোগ অত্যন্ত শুভ ফলদায়ক হব৷ দীৰ্ঘদিনৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱা যাব আৰু চাকৰিক্ষেত্ৰত বৃহৎ কোনো দায়িত্ব পাব পাৰে৷ কৰ্মস্থলত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ ব্যৱসায়ত নতুন কৌশল প্ৰয়োগ কৰি ডাঙৰ আৰ্থিক লাভ কৰা সম্ভৱ৷ পুৰণি বিনিয়োগ বা দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰিব আৰু বৃহৎ সাফল্যৰ মুখ দেখিব পাৰে৷
মকৰ ৰাশি
কুম্ভ ৰাশি
বুধ আৰু শনিৰ দশাংক যোগে বুদ্ধি আৰু পৰিশ্ৰমৰ এক বিৰল সমন্বয় সৃষ্টি কৰিছে যিয়ে জীৱনৰ নানান ক্ষেত্ৰত স্থায়ী সাফল্যৰ ইংগিত দিয়ে৷ এই সময়ত ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি সঠিক পৰিকল্পনা আৰু ধৈৰ্য আৰু বিচক্ষণেৰে সিদ্ধান্ত গ্ৰহণ কৰিলে সুফল আৰু স্পষ্টভাৱে পোৱা যাব৷ বিশেষকৈ কৰ্মজীৱন, ব্যৱসায় আৰু আৰ্থিক বিষয়ত যিসকলে দীৰ্ঘদিন ধৰি পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে এই যোগে নতুন সুযোগ আৰু ইতিবাচক পৰিবৰ্তনৰ দুৱাৰ খুলি দিব পাৰে৷ সচেতনভাৱে এই সময়ক কামত লগাব পাৰিলে ভৱিষ্যতে পথ আৰু সফল হৈ উঠিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















