ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনা উদয় হ’ব শুক্ৰ৷ শুক্ৰৰ উদয়ৰ লগে লগে শুভ কাম আৰম্ভ কৰিব পাৰি বুলি জনাইছে জ্যোতিষ বিশেষজ্ঞসকলে৷ সম্পদ, সমৃদ্ধি, প্ৰেম, সৌন্দৰ্য, বিলাসিতা আৰু আকৰ্ষণৰ গ্ৰহ শুক্ৰ৷ ২০২৫ চনৰ ডিচেম্বৰত অস্ত গৈছিল৷ ১ ফেব্ৰুৱাৰী ২০২৬ ত আকৌ উদিত হব৷ শুক্ৰৰ এই উদয়ে বিভিন্ন ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ লাভ পাব ৪টা ৰাশিৰ জাতকে৷ মকৰ ৰাশিত শুক্ৰৰ উদয়ৰ লগে লগে সক্ৰিয় হৈ উঠিব চাৰি ৰাশিৰ জাতকৰ সৌভাগ্য৷ দীপাৱলিৰ মাত্ৰ কেইবাদিন পূৰ্বে ১২ অক্টোবত আকৌ অস্ত যাব শুক্ৰ৷ অৰ্থাৎ প্ৰায় ৯ মাহ ধৰি শুভ ফল ভোগ কৰিব কেইবাটাও ৰাশিৰ জাতকে৷ এই সময়ত তেওঁলোকৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হব৷
৯মাহ ধৰি সৌভাগ্য থাকিব কোন ৪ৰাশিৰ?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক শুক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত৷ এই গ্ৰহৰ উদয়ে এই ৰাশিৰ জাতকৰ বাবে উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ বিনিয়োগ লাভজনক হব৷ দৰমহা বৃদ্ধি পাব আৰু ব্যৱসায়ত প্ৰভুত লাভ অৰ্জন কৰিব৷ নতুন সম্পত্তি ক্ৰয়ৰ ওপৰিও আপুনি সোণ আৰু ৰূপতো বিনিয়োগ কৰিব পাৰে৷
মিথুন ৰাশি
শুক্ৰৰ উত্থানে মিথুন ৰাশিৰ জাতকৰ বাবে অগ্ৰগতি কঢ়িয়াই আনিব৷ সাফল্য সহজেই অৰ্জন কৰিব পাৰিব৷ আপুনি কোনো ডাঙৰ চুক্তি বা প্ৰকল্পৰ অংশ হ’ব পাৰে৷ উচ্চ আয় আৰু কম ব্যয়ৰ কাৰণে সঞ্চয় কৰিবলৈ সক্ষম হব৷ সম্পৰ্কত প্ৰেম বৃদ্ধি পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ শুক্ৰৰ উদয় তুলা ৰাশিৰ জাতকৰ বাবে নানান সুবিধা কঢ়িয়াই আনিব পাৰে৷ ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ এই সময়ত কোনো ডাঙৰ ইচ্ছা পূৰণ হব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ যোগ তৈয়াৰ হব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ ওপৰত শনিৰ চাৰে সাতিৰ প্ৰভাৱ আছে৷ শুক্ৰ উদয়ে তেওঁলোকৰ কষ্ট লাঘব কৰিব৷ সম্পদ উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব৷ কৰ্মক্ষেত্ৰত ব্যক্তিয়ে উচ্চপদ বা সন্মান পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু আন্তৰিক হৈ উঠিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















