জ্যোতিষত সূৰ্যৰ বিশেষ গুৰুত্ব আছে৷ ই আত্মা, নেতৃত্ব আৰু সাহসৰ প্ৰতীক৷ এই গ্ৰহই কৃপা কৰিলে বাঢ়ে সাহস আৰু আত্মবিশ্বাস৷ ইয়াৰোপৰি কেৰিয়াৰত উন্নতিও হয়৷ পাব পাৰে প্ৰমোছনো৷ আনকি ব্যৱসায়তো নতুন দিশা পাব পাৰে৷
বিশেষজ্ঞই জনাইছে যে অতি শক্তিশালী সূৰ্যই নিজৰ স্থান সলনি কৰিলে ব্যক্তিৰ জীৱনত প্ৰভাৱ পৰিব পাৰে৷ আৰু ৬ ফেব্ৰুৱাৰীত সূৰ্যদেৱে শ্ৰাৱণ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ আৰু শ্ৰাৱণ নক্ষত্ৰৰ অধিপতি হৈছে মঙ্গল গ্ৰহ৷ ই সাহস আৰু পৰাক্ৰমৰ গ্ৰহ৷ যাৰ ফলত সূৰ্যৰ ওপৰত মঙ্গলৰ যুঁটিয়ে ৩ ৰাশিৰ জীৱনত বৃহৎ সালসলনি আনিব পাৰে৷ সেয়ে সময় নষ্ট নকৰি এই ৩ ৰাশি সম্পৰ্কে জানি থওক৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি হৈছে স্বয়ং সূৰ্য৷ সেয়ে এই গোচৰে সিংহ ৰাশিৰ জীৱনলৈ বৃহৎ পৰিবৰ্তন আনিব পাৰে৷ আপোনাৰ নেতৃত্ব বৃদ্ধি পাব৷ ইয়াৰোপৰি বাঢ়িব ধন৷ হঠাৎ জেকপটো লাগিব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতি হব৷ আপোনাৰ প্ৰমোছন হব পাৰে৷ ব্যৱসায়ত লাভ কৰিব৷ নতুন কৰোবাত বিনিয়োগৰ সুযোগ পাব৷ সমাজত প্ৰতিষ্ঠা আৰু সন্মান বৃদ্ধি পাব৷ বহুতেই আপোনাৰ কথা শুনিব৷ সেয়ে সিদ্ধান্ত লওঁতে বুজি-শুনি সিদ্ধান্ত লওক৷
কুম্ভ ৰাশি
এই গোচৰত লাভৱান হ’ব কুম্ভ ৰাশিও৷ এই জাতকে অৰ্থলাভ কৰিব৷ অৰ্থ সংকট দূৰ হব৷ ইয়াৰোপৰি চাকৰি ক্ষেত্ৰত আগুৱাই যাব৷ প্ৰমোছন হব৷ নতুন দায়িত্ব পাব পাৰে৷ ইয়াৰোপৰি জীৱনত সফল হব৷ আয়ৰ নতুন শ্ৰোত ব’ব৷ পুৰণি বিনিয়োগত লাভ পাব৷ ব্যৱসায়ত আগুৱাই যাব৷ চৰকাৰী আৰু প্ৰশাসনিক ক্ষেত্ৰত বিশেষ লাভ পাব৷ নতুন পৰিচয়ো পাব৷ যাৰ ফলত ভাগ্য সলনি হব বহুজনৰ৷
মেষ ৰাশি
এই সময় ভালেই কটাব মেষ ৰাশিয়েও৷ আপোনাৰ জীৱনত উন্নতি হব৷ কেৱল সেয়াই নহয় ব্যৱসায়তো নতুন দিশা পাব৷ বিনিয়োগ কৰাৰো সুযোগ পাব৷ ব্যৱসায় বঢ়াব পাৰিব৷ অংশীদাৰী ব্যৱসায়ত প্ৰফিট থাকিব৷ ইয়াৰোপৰি চাকৰিতো ভাগ্য খুলিব৷ প্ৰমোছন লাভৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত আগুৱাই যাব৷ চিন্তাৰ কোনো কাৰণ আপোনাৰ নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















