মুখ্যমন্ত্ৰীয়ে কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সোমবাৰে ৰাজীৱ ভৱনৰ পৰা দিছে সাংসদ গৌৰৱ গগৈয়ে৷ কিয় পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ সেই প্ৰশ্নৰ উত্তৰত কি কৈছে গৌৰৱ গগৈয়ে৷ সঁচাকৈয়ে পাকিস্তানৰ এজেণ্ট নেকি গৌৰৱ গগৈ?
মুখ্যমন্ত্ৰীয়ে কি কি প্ৰশ্ন কৰিছিল গৌৰৱ গগৈক?
১. ১০ দিনীয়া পাকিস্তান ভ্ৰমণৰ প্ৰকৃত উদ্দেশ্য কি আছিল?
২. পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ পৰা মাত্ৰ এদিনৰ ভিতৰত লাভ কৰা বিশেষ ভিছা অনুমতিৰ সুবিধা কাৰ জৰিয়তে পাইছিল?
৩.পাকিস্তানত আলী তৌকিৰ শ্বেইখক সাক্ষাৎ কৰিছিল নেকি?
৪. পাকিস্তান ভ্ৰমণ কৰি আহিয়েই ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক পৰৱৰ্তী সময়ৰ সংসদীয় প্ৰশ্নৰ মাজত কি সম্পৰ্ক?
৫. পুত্ৰৰ নাগৰিকত্ব বদলিকৰণ সন্দৰ্ভত কিয় মিছা কাৰণ বাখ্যা কৰা হৈছিল?
৬. শিশু সন্তানৰ ধৰ্ম কিয় সলনি কৰিছিল?
৭. পত্নী কৰ্মৰত অৱস্থাত পাকিস্তান ভ্ৰমণ কৰা বুলি সংবাদ মাধ্যমৰ আগত কিয় মিছাৰ আশ্ৰয় লৈছিল?
গৌৰৱ গগৈয়ে কি কি উত্তৰ দিছে?
মই পাকিস্তানলৈ গৈ কি কৰিলো সেই প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে মোক কৰিছে৷ মোৰ পৰিবাৰে পাকিস্তানত কৰ্মসূত্ৰে যাব লগা হৈছিল৷ তাত তেওঁ এবছৰ কৰ্মৰত আছিল৷ মই তেতিয়া নতুনকৈ তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিলো৷ বিবাহৰ পাছতেই তেওঁ পাকিস্তানলৈ কৰ্মসূত্ৰে যাব লগা হ’ল৷ তেওঁক তাত অকলে কিয় যাবলৈ দিম? তেওঁ কেনেকৈ আছে কি খাইছে, কি কিনিছে এইবোৰ চাবলৈকে স্বামী হোৱা হেতুকে মই তালৈ গৈছিলো৷ লাহোৰলৈ যাম বুলি গৈছিলো তাৰপিছত তাকাছিলা চাবলৈ মন যোৱাত মই তালৈ গ’লো৷ মই পাকিস্তানত ১০ দিন ক’ত আছিলো বুলি মুখ্যমন্ত্ৰীয়ে সুধি আছে, মই কৈছো হয় মই গৈছো৷ পত্নী তাত থকাৰ বাবেই মই তেওঁৰ কাষলৈ গৈছিলো৷ মোৰ যোৱাক লৈ যদি অসুবিধা আছিল SIT য়ে মোক কিয় এতিয়ালৈ প্ৰশ্ন কৰা নাই? SIT য়ে বিচাৰিলে মই নিজেই তালৈ গৈ মোৰ কথাখিনি কম৷ কিন্তু SITয়ে মোক এতিয়াও সোধা নাই৷
পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট নাই৷ যেতিয়া কাম কৰিছিল তেতিয়া বেংক একাউণ্ট লাগে কাৰণে বেংক একাউণ্ট খুলিছিল৷ পাকিস্তান এৰি অহাৰ পাছত আৰু একাউণ্ট তাত নাই৷ সেই বেংক একাউণ্ট পাকিস্তান আৰু NGOৰ মাজত চুক্তি আছিল৷ ভাৰত অহাৰ পিছত তেওঁলোকে ভাৰতত ট্ৰেন্সফাৰ কৰি দিলে৷ পাকিস্তানলৈ গ’লে দেশৰ গৃহ মন্ত্ৰণালয়ক জনাব লাগে৷ ভিছা ল’ব লাগে৷ পাকিস্তানলৈ যাবলৈ হ’লে আইনী প্ৰক্ৰিয়া সম্পন্ন কৰিহে যাব পাৰি৷ ময়ো সকলো অনুমতি লৈয়েই পাকিস্তানলৈ গৈছিলো৷ অক্টোবৰত আমাৰ বিয়া হৈছিল তেওঁৰ জানুৱাৰীত পাকিস্তানলৈ গ’ল৷ মই নতুনকৈ বিয়া কৰাইছো পত্নীক অকলে পাকিস্তানত এৰি দিম নেকি? মই পাকিস্তানৰ নিমন্ত্ৰণত পাকিস্তান যোৱা নাই৷ মই সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পাকিস্তানলৈ গৈছিলো৷ এইটো কেনেকৈ নিমন্ত্ৰণ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















