• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশিষ্ট সাহিত্যিক-সাংবাদিক, মানৱহিতৈষী মহিলা তুলতুল বৰুৱাৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক-সাংবাদিক, মানৱহিতৈষী মহিলা তুলতুল বৰুৱাৰ দেহাৱসান

6 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

7 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

8 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

8 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

9 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

9 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

10 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

10 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

11 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

14 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিশিষ্ট সাহিত্যিক-সাংবাদিক, মানৱহিতৈষী মহিলা তুলতুল বৰুৱাৰ দেহাৱসান

GMCHত মৰণোত্তৰ দেহদান, নেত্ৰদান

editor by editor
December 21, 2020
in অসম
0
বিশিষ্ট সাহিত্যিক-সাংবাদিক, মানৱহিতৈষী মহিলা তুলতুল বৰুৱাৰ দেহাৱসান
0
SHARES
369
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশিষ্ট সাহিত্যিক তথা প্ৰবীণ সাংবাদিক-নিবন্ধকাৰ, মানৱদৰদী- যুক্তিবাদী-বিজ্ঞানমনস্ক মহিলা তুলতুল বৰুৱাৰ ৮৮ বছৰ বয়সত ২১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰ পথৰ নিজ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। তেখেতৰ মৃত্যুৰ বহু পূৰ্বেই স্বামী নৱ বৰুৱা আৰু দুই পুত্ৰ হিমন্ত আৰু সুদীপ্তৰ মৃত্যু হৈছিল। গুৱাহাটীৰ সম্ভ্ৰান্ত পৰিয়াল তথা প্ৰখ্যাত প্ৰতিষ্ঠান ‘ভৰালী ব্ৰাডাৰ্ছ’ৰ স্বত্বাধিকাৰী প্ৰয়াত ৰমানন্দ ভৰালীৰ জীয়ৰী তুলতুল বৰুৱাই মৃত্যুৰ সময়ত তিনিজন ভাতৃ ক্ৰমে ডঃ প্ৰণৱ ভৰালী, নয়ন ভৰালী আৰু উৎপল ভৰালীৰ লগতে দুই বোৱাৰী- নাতি-নাতিনী-আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। যুক্তিবাদী আৰু বিজ্ঞানমনস্ক মহিলা গৰাকীৰ শেষ ইচ্ছানুযায়ী চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ-কল্যাণৰ হকে আজি তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগত দান কৰা হয়। আনহাতে  দৃষ্টিহীনক দৃষ্টিদানৰ উদ্দেশ্যে চকুযুৰি দান কৰা হয় শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ক। নেত্ৰদান আৰু মৰণোত্তৰ দেহদান সম্পন্ন কৰাৰ ক্ষেত্ৰত ইলোৰা বিজ্ঞান মঞ্চৰ লগতে প্ৰয়াত তুলতুল বৰুৱাৰ ভাতৃসহ পৰিয়ালৰ সদস্যসকলে পূর্ণ সহযোগিতা আগবঢ়ায় আৰু বিশেষ উদ্যোগ গ্ৰহণ কৰে। কোভিড পৰিস্থিতিৰ মাজতে মহীয়সী নাৰী গৰাকীৰ শেষ ইচ্ছা পূৰণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই পূৰ্ণ সহযোগিতা আগবঢ়ায়। মৃত্যুৰ পাছত কোভিড পৰীক্ষাত নিগেটিভ ফলাফলৰ পাছতে চিকিৎসা মহাবিদ্যালয়খনে মৰণোত্তৰ দেহ গ্ৰহণ কৰিবলৈ সন্মত হয়। চকুৰ কৰ্নিয়া সংগ্ৰহৰ বাবে একেদৰে সন্মত হয় শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কৰ্তৃপক্ষ।

ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী আৰু বিজ্ঞানমনস্ক লেখিকা তুলতুল বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে। মঞ্চই বিদুষী মহিলা গৰাকীৰ শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।

১৯৩২ চনৰ ১৯ এপ্ৰিলত শিৱসাগৰ চহৰত জন্মগ্ৰহণ কৰা প্ৰখৰ মেধাৰ তুলতুল বৰুৱাই ১৯৪৭ চনত গুৱাহাটীৰ পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ছাত্ৰীসকলৰ ভিতৰত অসমত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৪৮ চনত প্ৰথম গুৱাহাটীৰ অনাতাঁৰ কেন্দ্রৰ পৰা গীত পৰিৱেশন কৰা তুলতুল বৰুৱা আছিল অসমৰ প্ৰথম মহিলা অনাতাঁৰ কণ্ঠশিল্পী তথা সংগীত শিল্পী। বৰুৱাই কটন মহাবিদ্যালয়ৰ পৰা ১৯৫২ চনত বি এছ চি পাছ কৰি কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তুলতুল বৰুৱাই সম্পাদনা কৰা ‘ৰচনা সংকলন’ অসমৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হয়। ১৯৭০ৰ দশকত অসমৰ সাংবাদিক জগতৰ পৰিচিত নাম তুলতুল বৰুৱাই ‘সাপ্তাহিক নীলাচল’ কাকতৰ সহকাৰী সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিও বহু মূল্যবান নিবন্ধ লিখিছিল আৰু নিষ্ঠাৰে সাংবাদিকতাৰ বৃত্তিত আত্মনিয়োগ কৰিছিল। সাহিত্যিক পেঞ্চন লাভ কৰা বিদুষী মহিলা গৰাকী লেখিকা সমাৰোহ, অসম নাগৰিক সমাজ, ইলোৰা বিজ্ঞান মঞ্চকে ধৰি বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্রতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। মানৱতাৰ জয়গান গোৱা তুলতুল বৰুৱাই গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ পক্ষে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰিছিল আৰু জীৱনৰ শেষ ভাগতো ভাগি পৰা স্বাস্থ্যৰেই সামাজিক-সাংস্কৃতিক কাৰ্যৰে নিজকে জড়িত কৰি ৰাখিছিল।

চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে ২০১১ চনৰ ১৫ মে’ত তুলতুল বৰুৱাই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল। আজি আবেলি এনাটমী বিভাগত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেহদান সম্পন্ন হয়। অনুষ্ঠানটোত চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ জ্যোতিময়ী লাহন, অধ্যাপক সত্যজিৎ মিত্ৰকে ধৰি বিভাগীয় শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত, অন্যতম কৰ্মকৰ্তা ইচফাকুৰ ৰহমান, জগদীশ দত্ত, শিশিৰ ভট্টাচাৰ্য, প্ৰণৱজ্যোতি ডেকা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সাহিত্যিক-শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। ইচফাকুৰ ৰহমানৰ পৰিচালনাত হোৱা অনুষ্ঠানটোত ভতিজা অলয় ভৰালী, নাতি অড্ৰিজ বৰুৱা প্ৰমুখ্যে আত্মীয়-স্বজন আৰু গুণমুগ্ধসকল উপস্থিত থাকি মহীয়সী নাৰী গৰাকীৰ প্ৰতি পুষ্প মাল্যৰে শ্ৰদ্ধা তৰ্পণ কৰে।

 

ডঃ চন্দ্রমোহন শৰ্মা

সভাপতি,

কমোলেশ গুপ্ত

সাধাৰণ সম্পাদক,

ইলোৰা বিজ্ঞান মঞ্চ

প্ৰণৱজ্যোতি ডেকা

যুগ্ম সম্পাদক

মোবাইল : 94350-42102, 94350-10002

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tultul baruah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
Next Post
তুলতুল বৰুৱাক সোঁৱৰণ

তুলতুল বৰুৱাক সোঁৱৰণ

ছ’চিয়েল মিডিয়াত একুৰা যৌৱনৰ জুই

ছ’চিয়েল মিডিয়াত একুৰা যৌৱনৰ জুই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.