• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

3 weeks ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

13 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

1 hour ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

7 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

আজিও প্ৰতিবাদত উত্তাল যোৰাবাট

editor by editor
August 21, 2026
in অসম, উত্তৰ-পূব, বিবিধ, ৰাজনীতি, লেখা
0
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
0
SHARES
599
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম আৰু মেঘালয়ৰ মাজত চলি থকা উত্তেজনাই ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শ্বিলঙত অসমৰ বাহন আৰু লোকক লক্ষ্য কৰি সংঘটিত আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি অসমতো প্ৰতিবাদ তীব্ৰ হৈ উঠিছে। শুকুৰবাৰে পুৱাৰে পৰা যোৰাবাট অঞ্চলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদৰ মাজতে যোৰাবাট আৰক্ষীয়ে দুজন লোকক আটক কৰাৰ খবৰ পোৱা গৈছে।

যোৰাবাটত ML নম্বৰপ্লেটৰ বাহনক বাধা

শ্বিলঙৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত যোৰাবাটত একাংশ কেব চালক আৰু প্ৰতিবাদকাৰীয়ে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনক বাধা দিয়ে। বাহনৰ নম্বৰপ্লেটত ‘ML’ দেখিলেই একাংশ কেব চালকে বাহনসমূহ অসমলৈ প্ৰৱেশ কৰিবলৈ নিদি ওভতাই পঠোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনকি ‘ON ARMY DUTY’ বুলি লিখা এখন বাহনকো যোৰাবাটৰ পৰা ওভতাই পঠিওৱাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে মেঘালয়ৰ নম্বৰপ্লেট থকা বাহন কোনোপধ্যেই অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। ইয়াৰ ফলত যোৰাবাটত পুৱাৰে পৰা যান-বাহন চলাচলক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

মেঘালয়তো অসমৰ বাহনত আক্ৰমণ

ইয়াৰ মাজতে মেঘালয়ৰ পৰা পুনৰ অসমৰ বাহনত আক্ৰমণৰ অভিযোগ আহিছে। শিলচৰৰ পৰা মেঘালয় হৈ আহি থকা এখন ট্ৰাকক শ্বিলং বাইপাছৰ সমীপত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ট্ৰাক চালকৰ বৰ্ণনা অনুসৰি, নম্বৰপ্লেটবিহীন এখন বাহনত অহা একাংশ লোকে মুখত ক’লা কাপোৰ মেৰিয়াই আছিল। তেওঁলোকে অসমৰ নম্বৰপ্লেট থকা বাহন লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। প্ৰায় ৩-৪খন বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি ট্ৰাকখনৰ চালক অসমত উপস্থিত হয়। ঘটনাটোৰ ভয়াৱহ অভিজ্ঞতা অসম Live24ৰ কেমেৰাৰ সন্মুখত বৰ্ণনা কৰি চালকজনে নিজৰ লগতে আন বাহন চালকসকলৰ সুৰক্ষাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

চোহৰাত আবদ্ধ অসমৰ শতাধিক বাহন

ইফালে মেঘালয়ৰ চোহৰা অঞ্চলত অসমৰ শতাধিক বাহন আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে। এই বাহনসমূহৰ ভিতৰত পৰ্যটক কঢ়িওৱা বহু ট্ৰেভেলাৰ আৰু অন্যান্য বাণিজ্যিক বাহন আছে। একাংশ তথ্য অনুসৰি, ৭০খনতকৈ অধিক ট্ৰেভেলাৰসহ মুঠ দুই শতাধিক বাহন বৰ্তমানেও চোহৰা অঞ্চলত আবদ্ধ হৈ আছে। এই বাহনসমূহৰ বহুতে অসমৰ পৰা পৰ্যটকক মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলীলৈ লৈ গৈছিল। পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পিছত তেওঁলোকে নিৰাপদে অসমলৈ উভতি আহিব পৰা নাই। বাহনসমূহৰ ভিতৰত শিশু, মহিলা আৰু বয়োজ্যেষ্ঠ লোকো আবদ্ধ হৈ থকা বুলি একাংশ চালকে জানিবলৈ দিছে। ফলত আবদ্ধ হৈ থকা পৰ্যটক আৰু বাহনসমূহক শীঘ্ৰে নিৰাপদে অসমলৈ ঘূৰাই অনাৰ বাবে অসম আৰক্ষী তথা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনাইছে একাংশ চালকে।

শ্বিলং-গুৱাহাটীৰ বাণিজ্যিক টেক্সি সেৱা বন্ধ

পৰিস্থিতিৰ প্ৰভাৱ পৰিছে অসম-মেঘালয়ৰ মাজৰ বাণিজ্যিক যাতায়াত ব্যৱস্থাতো। মেঘালয়ৰ টেক্সি চালক সন্থাই শ্বিলং-গুৱাহাটী পথত চলাচল কৰা বাণিজ্যিক টেক্সি সেৱা বন্ধ ঘোষণা কৰিছে। আজি পুৱা ৭ বজাৰ পৰা পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে। ইয়াৰ প্ৰতিক্ৰিয়াত অসমৰ পৰাও মেঘালয়লৈ টেক্সি সেৱা বন্ধ কৰাৰ হুংকাৰ দিছে একাংশ চালকে। ফলত দুয়োখন ৰাজ্যৰ মাজত দৈনন্দিন যাতায়াত আৰু পৰ্যটন ব্যৱস্থাৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰাৰ আশংকা দেখা দিছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ আহ্বান

বৰ্তমান অসম-মেঘালয় সীমান্তৰ পৰিস্থিতিক লৈ সাধাৰণ লোকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। বাহনত আক্ৰমণ, শিলগুটি নিক্ষেপ, যাতায়াত বন্ধ আৰু পৰ্যটক আবদ্ধ হৈ থকাৰ দৰে ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে। এনে অৱস্থাত দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি সাধাৰণ লোক, পৰ্যটক আৰু বাহন চালকসকলৰ নিৰাপত্তা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ চেৰাপুঞ্জীত আবদ্ধ হৈ থকা অসমৰ পৰ্যটক আৰু বাহনসমূহক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। একেদৰে, প্ৰতিবাদৰ নামত কোনো বাহন বা নিৰীহ লোকক আক্ৰমণ নকৰিবলৈও আহ্বান জনোৱা হৈছে। দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া যাতায়াত, বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্ক থকাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ উত্তেজনা যাতে অধিক হিংসাত্মক ৰূপ নলয়, তাৰ বাবে প্ৰশাসনৰ তৎপৰতা অতি প্ৰয়োজনীয় হৈ পৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam- meghalaya disputeshillong
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
Next Post
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ'চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ'ল টকা গণনা মেচিন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.