• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

1 month ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

12 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

13 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

13 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

14 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

14 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

15 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

17 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

17 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

18 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

18 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

19 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

চৰকাৰৰ উদ্দেশ্য কি?

editor by editor
August 21, 2026
in বিনোদন, বিবিধ, ভাৰত, লেখা
0
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছ’চিয়েল মিডিয়াত ভিডিঅ’ বা অন্যান্য কণ্টেণ্ট তৈয়াৰ কৰা ইনফ্লুৱেন্সাৰৰ বাবে বিহাৰ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত বিহাৰ ছ’চিয়েল মিডিয়া আৰু অন্যান্য অনলাইন মিডিয়া (সংশোধনী) নিয়ম, ২০২৬ত অনুমোদন জনোৱা হৈছে। এই সংশোধনীৰ মূল উদ্দেশ্য হৈছে চৰকাৰী আঁচনি আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ প্ৰচাৰত ছ’চিয়েল মিডিয়া, ৱেব পৰ্টেল আৰু অন্যান্য অনলাইন মাধ্যমক অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা।

১ লাখ VIEWত সৰ্বাধিক ১০ হাজাৰ টকা

নতুন নিয়ম অনুসৰি, চৰকাৰী আঁচনি বা জনকল্যাণমূলক কাৰ্যসূচী সম্পৰ্কীয় অনুমোদিত ছ’চিয়েল মিডিয়া পোষ্ট আৰু ভিডিঅ’ৰ ভিউৰ ওপৰত ভিত্তি কৰি ধন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰস্তাৱিত হাৰ অনুসৰি ১ লাখ VIEWৰ বাবে সৰ্বাধিক ১০ হাজাৰ টকা লাভ কৰিব পাৰে। অৱশ্যে এটা ভিডিঅ’ বা কণ্টেণ্টৰ বাবে সৰ্বাধিক ১ লাখ টকাহে পৰিশোধ কৰা হ’ব। অৰ্থাৎ কোনো এটা ভিডিঅ’ই ১০ লাখ বা তাতকৈ অধিক ভিউ লাভ কৰিলেও সেই ভিডিঅ’টোৰ বাবে নিৰ্ধাৰিত সৰ্বোচ্চ সীমা ১ লাখ টকাই থাকিব।

৩০ দিনৰ ভিউ গুৰুত্বপূৰ্ণ

কণ্টেণ্টৰ VIEW গণনা কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। নতুন ব্যৱস্থা অনুসৰি ৩০ দিনৰ ভিতৰত লাভ কৰা VIEW পেমেণ্ট গণনাৰ ক্ষেত্ৰত বিবেচনা কৰা হ’ব। অৱশ্যে কেৱল ভিউ বেছি হ’লেই ধন লাভ কৰিব নোৱাৰিব। চৰকাৰে কণ্টেণ্টৰ সত্যতা, যোগ্যতা, মঞ্চ, ভিউৰ প্ৰকৃততা আৰু অন্যান্য নিৰ্ধাৰিত চৰ্ত পৰীক্ষা কৰাৰ পিছতহে ধন পৰিশোধ কৰিব।

সকলো ভাইৰেল ভিডিঅ’ৰ বাবে ধন নাথাকিব

এই নতুন নিয়মৰ অৰ্থ এইটো নহয় যে ছ’চিয়েল মিডিয়াত যিকোনো ভিডিঅ’ ভাইৰেল হ’লেই চৰকাৰৰ পৰা টকা লাভ কৰিব। চৰকাৰী আঁচনি বা জনকল্যাণমূলক কাৰ্যসূচীৰ প্ৰচাৰৰ সৈতে জড়িত আৰু অনুমোদিত কণ্টেণ্টহে এই ব্যৱস্থাৰ অধীনত আহিব। কণ্টেণ্ট ক্ৰিয়েটৰসকলক নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি তথ্য আৰু জনসংযোগ বিভাগৰ সৈতে তালিকাভুক্ত হ’ব লাগিব।

ফ’ল’ৱাৰ আৰু VIEW পৰীক্ষা কৰিব চৰকাৰে

নতুন নিয়মত তালিকাভুক্ত ছ’চিয়েল মিডিয়া হেণ্ডেল, পেজ আৰু চেনেলৰ ফ’ল’ৱাৰ সময়ে সময়ে পৰীক্ষা কৰাৰ ব্যৱস্থাও ৰখা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ভুৱা ফ’ল’ৱাৰ, কৃত্ৰিমভাৱে বৃদ্ধি কৰা ভিউ বা অনিয়ম ৰোধ কৰা। অৰ্থাৎ কেৱল সংখ্যাটো দেখুৱাই ধন লাভ কৰাৰ সুযোগ নাথাকিব। বিহাৰত ২০২৪ চনত ছ’চিয়েল মিডিয়া আৰু অন্যান্য অনলাইন মিডিয়াৰ বাবে নীতি প্ৰৱৰ্তন কৰা হৈছিল। সেই নীতিৰ অধীনত তথ্য আৰু জনসংযোগ বিভাগত প্ৰায় ২ হাজাৰ ছ’চিয়েল মিডিয়া প্ৰভাৱশালী তালিকাভুক্ত হোৱা বুলি জানিব পৰা গৈছে। নতুন সংশোধনীৰ জৰিয়তে এই ব্যৱস্থাক অধিক বিস্তৃত কৰাৰ চেষ্টা কৰা হৈছে। আগতে মূলতঃ অধিক ভিউ লাভ কৰা কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এতিয়া নিৰ্ধাৰিত নিয়ম আৰু যোগ্যতা পূৰণ কৰা অধিক সংখ্যক তালিকাভুক্ত ক্ৰিয়েটৰক সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে।

চৰকাৰৰ উদ্দেশ্য কি?

চৰকাৰৰ মতে, এই সংশোধনীৰ মূল উদ্দেশ্য হৈছে চৰকাৰী আঁচনি আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ তথ্য সাধাৰণ লোকৰ মাজলৈ অধিক দ্ৰুত আৰু ফলপ্ৰসূভাৱে লৈ যোৱা।
ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সময়ত চৰকাৰী তথ্য প্ৰচাৰত কণ্টেণ্ট ক্ৰিয়েটৰসকলক ব্যৱহাৰ কৰিলে বৃহৎ সংখ্যক লোকৰ ওচৰলৈ সহজে তথ্য পঠিয়াব পৰা যাব বুলি চৰকাৰে আশা কৰিছে। একেদৰে কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবেও এই ব্যৱস্থাই চৰকাৰী আঁচনিৰ বিষয়ে তথ্যভিত্তিক আৰু অনুমোদিত কণ্টেণ্ট তৈয়াৰ কৰি উপাৰ্জনৰ নতুন সুযোগ সৃষ্টি কৰিব পাৰে।

পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ পিছত বিহাৰ

বিহাৰ হৈছে এনে ধৰণৰ ছ’চিয়েল মিডিয়া নীতি গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ পিছত তৃতীয়খন ৰাজ্য। সামগ্ৰিকভাৱে চাবলৈ গ’লে, নতুন নিয়মৰ জৰিয়তে বিহাৰ চৰকাৰে ছ’চিয়েল মিডিয়া ক্ৰিয়েটৰসকলক চৰকাৰী প্ৰচাৰৰ সৈতে অধিক সংযোগ কৰাৰ লগতে ভিউ, কণ্টেণ্টৰ মানদণ্ড আৰু স্বচ্ছ পৰীক্ষণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। সেয়ে ছ’চিয়েল মিডিয়াত কণ্টেণ্ট তৈয়াৰ কৰা লোকসকলৰ বাবে এই সংশোধনী গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24social media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ'ল টকা গণনা মেচিন...

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

'তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.