সূৰ্যই বৰ্তমান অৱস্থান কৰিছে মকৰ ৰাশিত৷ আগন্তুক শুকুৰবাৰ ১৩ ফেব্ৰুৱাৰীত মকৰ এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব সৌৰজগতৰ ৰজা সূৰ্যই৷ তাতেই আগৰে পৰাই অৱস্থান কৰিছে বুধে৷ বুধ আৰু সূৰ্যৰ মিলনৰ ফলত কুম্ভ ৰাশিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ জ্যোতিষশাস্ত্ৰ বুধাদিত্য ৰাজযোগ অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত৷ জানি থওক বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত ১৩ তাৰিখৰ পৰা সকলো কামত সাফল্য পাব কোন কোন ৰাশিৰ জাতকে?
মেষ ৰাশি
মেষ ৰাশিৰ একাদশ ঘৰত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ইয়াৰ ফলত শিক্ষাক্ষেত্ৰত লাভৱান হ’ব এই ৰাশিৰ জাতক৷ উচ্চশিক্ষাত সাফল্য পাব৷ নতুন উপাৰ্জনৰ পথ খুলিব৷ আপোনাৰ সামাজিক বৃত্ত আৰু বাঢ়িব৷ ভায়েক ভনীয়েকৰ পৰা সাহায্য পাব৷ সুখ আৰু বিলাসিতাৰ মাজেৰে সময় কটাব মেষৰ জাতকে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ নৱম ঘৰত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰ ফলত সকলো কামত সৌভাগ্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ মানসিক স্থিতি আৰু শান্তি বৰ্তি থাকিব৷ পঢ়াশুনাত ভাল ফল লাভ কৰিব৷ উচ্চশিক্ষা লাভ কৰাৰ সুযোগ পাব৷ পিতৃ আৰু শিক্ষকৰ সহায়তাত পৰীক্ষাত ভাল ফল লাভ কৰিব৷ দূৰ ভ্ৰমণ সফল হব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ সপ্তম ঘৰত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰ ফলত ব্যৱসায়ত বৃহৎ লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ ডাঙৰ কোনো চুক্তি চূড়ান্ত হব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু মৰ্যাদা বাঢ়িব৷ দাম্পত্য জীৱনত সুখী থাকিব৷ শহুৰৰ ঘৰৰ পৰা আৰ্থিকভাৱে লাভৱান হব৷ সৃজনশীলতা আৰু বুদ্ধিমত্তা বাঢ়িব সিংহৰ জাতকৰ৷
তুলা ৰাশি
তুলা ৰাশিৰ পঞ্চম ঘৰত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰ ফলত পঢ়াশুনা আৰু কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ জ্ঞান বাঢ়িব৷ বুদ্ধি আৰু ক্ৰিয়েটিভিটি কামত লগাই সাফল্য পাব৷ সন্তানৰ কাৰণে মনত সুখ থাকিব৷ প্ৰেম জীৱনত মাধুৰ্য থাকিব৷ পাৰ্টনাৰৰ সৈতে ৰোমাণ্টিক সময় কটাব পাৰে৷ আৰ্থিকভাৱেও লাভৱান হ’ব তুলাৰ জাতক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















