লাদাখৰ পৰিবেশকৰ্মী সোনম ৱাংছুকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিবৃত্তি দি জনাইছে যে জাতীয় নিৰাপত্তা আইনত সোনমক আৰু আৱদ্ধ কৰি ৰাখিব নোৱাৰিব৷ বিগত ছেপ্টেম্বৰত তেওঁক আটক কৰা হৈছিল৷ সোনমক বন্দী কৰি ৰখা হৈছিল ৰাজস্থানৰ জোধপুৰ জিলাত৷ ছুপ্ৰিম কৰ্টতো তেওঁ বিৰুদ্ধে গোচৰ চলি আছে৷ তাৰমাজতেই কেন্দ্ৰই সোনমক এৰি দিয়াৰ কথা জনাইছে৷ ছমাহ পাছত মুক্তি লাভ কৰিছে সোনম ৱাংছুকে৷
কেন্দ্ৰই জনাইছে, আইনশৃঙ্খলা পৰিস্থিতি স্বাভাৱিক ৰখাৰ বাবে সোনমক আটক কৰা হৈছিল৷ বিবৃত্তিত লিখা হৈছে, ‘শান্তি, স্থিতিশীলতা আৰু পাৰস্পৰিক বুজাপৰাৰ পৰিবেশ লাডাখত বজায় ৰাখিব খোজে কেন্দ্ৰই৷ সেয়া হলেই সমস্ত পক্ষৰ সৈতে গঠনমূলক আলোচনা সম্ভৱ৷ এই উদ্দেশ্যক আগুৱাই নিয়াৰ বাবে যথাযথ বিবেচনাৰ পাছত চৰকাৰে জাতীয় নিৰাপত্তা আইনৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি সোনম ৱাংছুকৰ আটকৰ আদেশ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে৷’ লাডাখৰ মানুহৰ প্ৰয়োজনত তাৰ সমস্ত পক্ষ আৰু সম্প্ৰদায়ৰ সৈতে চৰকাৰে যোগাযোগ ৰাখিছে বুলিও জনাইছে শ্বাহৰ মন্ত্ৰণালয়ে৷ কোৱা হৈছে, ‘বন্ধ, বিক্ষোভ শান্তিপূৰ্ণ সমাজৰ পক্ষে ক্ষতিকৰ৷ লাডাখৰ পৰ্যটন, শিক্ষা, চাকৰি সকলো ক্ষেত্ৰতেই ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















